বন্ধন বেংকৰ ওপৰত ১ কোটিৰ জৰিমনা, আপোনাৰ ওপৰতো পৰিব নেকি প্ৰভাৱ?

২০১৪ চনত কেন্দ্ৰীয় বেংকৰ পৰা বেংকিং লাইচেঞ্চ পাইছিল বন্ধন বেংকে।

News18-Assam
Updated:October 30, 2019, 10:52 AM IST
বন্ধন বেংকৰ ওপৰত ১ কোটিৰ জৰিমনা, আপোনাৰ ওপৰতো পৰিব নেকি প্ৰভাৱ?
২০১৪ চনত কেন্দ্ৰীয় বেংকৰ পৰা বেংকিং লাইচেঞ্চ পাইছিল বন্ধন বেংকে।
News18-Assam
Updated: October 30, 2019, 10:52 AM IST
ভাৰতীয় ৰিজাৰ্ভ বেংকে বন্ধন বেংকৰ ওপৰত ১ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। এই জৰিমনা ৰিজাৰ্ভ বেংকৰ গাইডলাইন সম্পূৰ্ণ নকৰাৰ বাবে বিহা হৈছে। বন্ধন বেংকক অকাৰ্যক্ষম অংশীদাৰিত্ব কমাই ৪০ শতাংশ কৰিবলৈ কোৱা হৈছিল। কিন্তু বেংকে নিৰ্ধাৰিত সময়ৰ ভিতৰত সেয়া নকৰিলে। উল্লেখযোগ্য যে ২০১৪ চনত কেন্দ্ৰীয় বেংকৰ পৰা বেংকিং লাইচেঞ্চ পাইছিল বন্ধন বেংকে। ২০১৫ চনৰ পৰা পূৰ্ণ বেংক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে বন্ধন বেংকে।

উল্লেখযোগ্য যে বন্ধন ফাইনেন্সিয়েল হোল্ডিংছ লিমিটেডৰ অংশদাৰিত্ব কম কৰি ৪০ শতাংশ কৰাত বিফল হোৱা বাবেই ৰিজাৰ্ভ বেংকে এই জৰিমনা বিহিছে বেংকটোক। পূৰ্ণ বেংকিং প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তিনি বছৰৰ ভিতৰত এই অংশীদাৰিত্ব ৪০ শতাংশ কৰিব লাগিছিল। এই সন্দৰ্ভত মঙলবাৰে এক জাননি জাৰি কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে। অৱশ্যে ইয়াৰ ফলত গ্ৰাহকসকল ভুক্তভোগী হ’ব নালাগে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি