RBI ৰ গৱৰ্নৰেও  স্বীকাৰ কৰিলে দেশৰ আৰ্থিক দুৰৱস্থাৰ কথা

RBI গৱৰ্নৰ শশীকান্ত দাসৰ মতে, ভৱাতকৈও বেয়া এতিয়া দেশৰ GPD

News18-Assam
Updated:September 17, 2019, 11:35 AM IST
RBI ৰ গৱৰ্নৰেও  স্বীকাৰ কৰিলে দেশৰ আৰ্থিক দুৰৱস্থাৰ কথা
শশীকান্ত দাস
News18-Assam
Updated: September 17, 2019, 11:35 AM IST
দেশত এতিয়া ভয়ংকৰ আৰ্থিক সংকট। অৱশেষত এই কথা স্বীকাৰ কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শশীকান্ত দাসে।  CNBC-TV18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ জনে কয় যে,  দেশত বৰ্তমান আৰ্থিক গ্ৰুথৰ হাৰ একেবাৰেই কম। গৱৰ্নৰগৰাকীৰ মতে  ৫ শতাংশ জিডিপি গ্ৰুথ ৰেট তেখেতৰ বাবে আশ্বৰ্যকৰ।

কিন্তু গৱৰ্নৰ জনে লগতে কয় যে, বৰ্তমান দেশত GDP গ্ৰুথ ৰেট বৃদ্ধি কৰিবলৈ চৰকাৰে কেইবাটাও পদক্ষেপ হাতত লৈছে।  ২০২০ বিত্তীয় বৰ্ষত ৬.৯ শতাংশ GDP গ্ৰুথৰ লক্ষ্য আগত ৰখাৰ এক প্ৰশ্নৰ উত্তৰত শশীকান্ত দাসে কয় যে,  এতিয়া দেশত GPD গ্ৰুথ ৰেট ভবাতকৈও কমিছে। কিন্তু কিদৰে এই হাৰ বৃদ্ধি কৰি দেশক এক সুস্থিৰ পৰ্যায়লৈ নিব পাৰি সেই বিষয়ে চিন্তা–চৰ্চা কৰি থকা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি