কোৰোণা ভাইৰাছৰ পৰা অৰ্থব্যৱস্থা ৰক্ষাৰ বাবে ৰিজাৰ্ভ বেংকৰ ৭টা ডাঙৰ ঘোষণা

News18 Assam | News18-Assam
Updated:April 17, 2020, 1:01 PM IST
কোৰোণা ভাইৰাছৰ পৰা অৰ্থব্যৱস্থা ৰক্ষাৰ বাবে ৰিজাৰ্ভ বেংকৰ ৭টা ডাঙৰ ঘোষণা
ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে ৰিভাৰ্ছ ৰেপ’ ৰেট কৰ্তনৰ ঘোষণা কৰিছে।

ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে ৰিভাৰ্ছ ৰেপ’ ৰেট কৰ্তনৰ ঘোষণা কৰিছে।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে দেশজুৰি লকডাউন অব্যাহত আছে। যাৰ ফলত প্ৰভাৱ পৰিছে দেশৰ অৰ্থব্যৱস্থাত। লোকচানৰ পৰা দেশৰ অৰ্থব্যৱস্থা ৰক্ষাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে ৰিভাৰ্ছ ৰেপ’ ৰেট কৰ্তনৰ ঘোষণা কৰিছে।

শক্তিকান্ত দাসে কয়, কিছু ব্যৱসায়িক বজাৰত উত্থান–পতন হৈ আছে। খাৰুৱা তেলৰ দামো দ্ৰুতগতিত হ্ৰাস পাইছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কৰা ঘোষণাসমূহ কি কি চাও আহক।

১. ৰিভাৰ্ছ ৰেপ’ৰেট ০.২৫ শতাংশ কৰ্তন

ৰিজাৰ্ভ বেংকে ৰিভাৰ্ছ ৰেপ’ৰেট ০.২৫ শতাংশ কৰ্তন কৰিছে। এই কৰ্তনৰ পিছত ৰিভাৰ্ছ ৰেপ’ৰেট ৪ শতাংশৰ পৰা হ্ৰাস পাই ৩.৭৫ শতাংশ হ’লগৈ। ৰেপ’ৰেটৰ কোনো সালসলনি কৰা হোৱা নাই।

২. নাবাৰ্ড, ছিডবী আৰু হাউছিং ফাইনেন্স বেংকে পাব ধন
আৰ বি আই গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে অৰ্থব্যৱস্থাত উন্নতিৰ বাবে নাবাৰ্ডক ২৫ হাজাৰ কোটি, ছিডবীক ১৫ হাজাৰ কোটি আৰু হাউছিং ফাইনেন্স বেংকক ১০ হাজাৰ কোটি টকা দিয়া হ’ব। ইয়াৰ জৰিয়তে এনবিএফচি, এমএছএমই, ৰিয়েল ইষ্টেটৰ নগদ ধনৰ অভাৱ দূৰ হ’ব।

৩. NPA নিয়মত বেংকক সকাহ

ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে এনপিএ নিয়মত বেংকসমূহক ৯০ দিনৰ বাবে সকাহ দিছে। মোৰেটৰিয়াম পিৰিয়ডত এনপিএ গণনা কৰা নহ’ব।

৪. TLTRO-2ৰ অধিসূচনা জাৰি হ’ব আজি
TLTRO-2ৰ আৰম্ভণি ৫০ হাজাৰ কোটি টকাৰ পৰা হ’ব। TLTRO-2ৰ অধিসূচনা আজি জাৰি কৰা হ’ব। TLTROৰ পৰা এনবিএফে ১০ হাজাৰ কোটিৰ পুঁজি লাভ কৰিব। TLTRO-2ৰ ৫০ শতাংশ পুঁজি ক্ষুদ্ৰ আৰু মজলীয়া এনবিএফচিয়ে পাব।

৫. G20 দেশত ভাৰতৰ গ্ৰ’থ সকলোতকৈ ভাল হোৱাৰ অনুমান
কোৰোণা মহামাৰীৰ সময়ত মানৱতাৰ পৰীক্ষা। আমাৰ লক্ষ্য মানৱ জাতিক ৰক্ষা কৰা। এই পৰিস্থিতি ৰিজাৰ্ভ বেংকো তৎপৰ হৈ পৰিছে। প্ৰায় প্ৰতি দ্বিতীয় বা তৃতীয় দিনা ৰিজাৰ্ভ বেংকে নতুন নতুন ঘোষণা কৰি আহিছে। শক্তিকান্ত দাসে কয় যে আই এম এফৰ অনুমান অনুসৰি, G20 দেশসমূহৰ ভিতৰত ভাৰতৰ উন্নয়ন আটাইতকৈ ভাল হ’ব পাৰে। ২০২০ চনটো গ্ল’বেল ইক’নমীৰ বাবে বৃহৎ মণ্ডা।

৬. বেংকে ডিভিডেণ্ড ঘোষণা কৰিব নোৱাৰিব
ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে কয় যে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বেংকে ডিভিডেণ্ড ঘোষণা কৰিব নোৱাৰিব। বেংকে লাভৰ পৰা ডিভিডেণ্ড নিদিব।

৭. ছিডিউল বিত্তীয় বেংক আৰু আন বিত্তীয় প্ৰতিষ্ঠানে অতিৰিক্ত ২০ শতাংশ প্ৰভিজন কৰিব লাগিব। লোণ একাউণ্টৰ ৰিজলিউচনৰ প্ৰত্যাহ্বানলৈ লক্ষ্য ৰাখি ৰিজলিউচনৰ সময় বৃদ্ধি কৰি ৯০ দিন কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: April 17, 2020, 1:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading