শীঘ্ৰে ATMৰ পৰা টকা উলিওৱাৰ নিয়ম সলনি হ'বলৈ গৈ আছে। ইয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰিছে নতুন নিৰ্দেশনা। যাৰ অধীনত প্ৰতিমাহে নিৰ্ধাৰণ কৰা ট্ৰানজেকশ্যনৰ সীমা পাৰ কৰিলে ভৰিব লাগিব অধিক শুল্ক।
RBI-য়ে লগতে অহা বছৰৰ পৰা ATMৰ জৰিয়তে নিৰ্ধাৰিত সীমাতকৈ অধিক বাৰ টকা উলিয়ালে বা অন্য লেনদেন কৰাৰ ক্ষেত্ৰত শুল্ক বঢ়োৱাৰ অনুমতি প্ৰদান কৰিছে। ২০২২ৰ জানুৱাৰী মাহৰ পৰা প্ৰতিমাহে নিৰ্ধাৰিত সীমাতকৈ অধিক ট্ৰানজেকশ্যন কৰিলে ২১ টকা শুল্ক ভৰিব লাগিব।
গ্ৰাহকে প্ৰতিমাহে ATMৰ জৰিয়তে পাঁচবাৰ বিনামূলীয়া ট্ৰানজেকশ্যন কৰিব পাৰিব। কিন্তু মহানগৰত অন্য বেংকৰ ATMত তিনিবাৰ আৰু সৰু চহৰত পাঁচবাৰ লেনদেন কৰিব পাৰিব।
![]()
সেইদৰে, জাননী অনুসৰি, ১ আগষ্ট ২০২১ৰ পৰা প্ৰতিমাহে ইণ্টাৰচেঞ্জ ১৫ টকাৰ পৰা ১৭ টকালৈ বঢ়াই দিয়া হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|