সুতৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰিলে RBI–এ, ইমান কম হ’ব আপোনাৰ EMI

কম সুতত বেংকে লাভ কৰা পূঁজিৰ লাভ বেংকে নিজৰ উপভোক্তাসকলকো প্ৰদান কৰিব। এই স্বস্তি আপোনাক হয়তো সস্তীয়া ঋণ, কম ইএমআইৰ ৰূপত বেংকে প্ৰদান কৰিব।

news18
Updated:June 6, 2019, 12:09 PM IST
সুতৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰিলে RBI–এ, ইমান কম হ’ব আপোনাৰ EMI
কম সুতত বেংকে লাভ কৰা পূঁজিৰ লাভ বেংকে নিজৰ উপভোক্তাসকলকো প্ৰদান কৰিব। এই স্বস্তি আপোনাক হয়তো সস্তীয়া ঋণ, কম ইএমআইৰ ৰূপত বেংকে প্ৰদান কৰিব।
news18
Updated: June 6, 2019, 12:09 PM IST
ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই সাধাৰণ ৰাইজ আৰু কোম্পানীসমূহক ডাঙৰ সকাহ প্ৰদান কৰি সুতৰ হাৰ কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। ৰেপ’ ৰেট ০.২৫শতাংশ হ্ৰাস পোৱাৰ ফলত এতিয়া এই হাৰ ৫.৭৩শতাংশ হ’ল।

এয়া তৃতীয়বাৰৰ কাৰণে সুতৰ হাৰ হ্ৰাস কৰিছে আৰবিআইয়ে। অৰ্থশাস্ত্ৰীসকলৰ মতে মূল্যবৃদ্ধি আৰবিআইৰ অনুমানৰ তলত আছে, দেশৰ মেনুফেকচাৰিং ক্ষেত্ৰ নিম্নগামী হৈছে। এনে পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনীতিক পুনৰ উদ্ধাৰ কৰিবলৈ সুতৰ হাৰ হ্ৰাস কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল। সুতৰ হাৰ হ্ৰাস কৰাৰ অৰ্থ এতিয়া বেংকে আৰবিআইৰ পৰা ফাণ্ড লওঁতে নতুন সুতৰ দৰত এই ধন লাভ কৰিব। কম সুতত বেংকে লাভ কৰা পূঁজিৰ লাভ বেংকে নিজৰ উপভোক্তাসকলকো প্ৰদান কৰিব। এই স্বস্তি আপোনাক হয়তো সস্তীয়া ঋণ, কম ইএমআইৰ ৰূপত বেংকে প্ৰদান কৰিব। সেইকাৰণে ৰেপ’ ৰেট কম হোৱাৰ সময়ত মানুহৰ কাৰণে ঋণ লোৱাটো সহজ হৈ পৰে। ইয়াৰ লগতে ফ্লটিং ঋণৰ ইএমআই ও হ্ৰাস কৰা হব।

উল্লেখযোগ্য এক বিদেশী প্ৰতিবেদনত কোৱা হৈছিল যে নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ৰাজকোষ তথা কাৰেন্সীৰ ক্ষেত্ৰত শংকা হ্ৰাস হৈছে। এইকাৰণে সুতৰ হাৰ কম হোৱাৰ সম্ভাৱনা আছিল। 

সাধাৰণ উপভোক্তাৰ ওপৰত কি প্ৰভাৱ পৰিব?

১) বৰ্তমান যিসকল গ্ৰাহকৰ ঋণ MCLRৰ সৈতে জৰিত তেওঁলোকৰ ইএমআইৰ বোজা হ্ৰাস হ’ব পাৰে। ইয়াৰ কাৰণে বেংকে এচিএলআৰৰ কৰ্তন কৰাটো দৰকাৰ হ’ব, অৱশ্যে গ্ৰাহকে তেতিয়াহে লাভ পাব যেতিয়া ঋণৰ ৰি ছেট তাৰিখ আহিব। সাধাৰণতে বেংকে ৬মাহ বা বছৰটোৰ কাৰণে ৰি ছেট পিৰিয়ডৰ সৈতে হোম লোন আগবঢ়ায়। ৰি ছেট তাৰিখ দিয়াৰ পিছত ভৱিষ্যতৰ ইএমআই সেই সময়ৰ সুতৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিব।

২) যদি ঋণ বেছ ৰেটৰ সৈতে জৰিত তেনেনহ’লে যিসকল উপভোক্তাৰ ঋণ এতিয়াও বেছ ৰেট বা বেন্সমাৰ্ক প্ৰাইম লেণ্ডিং ৰেট (বিপিএলআৰ)ৰ সৈতে জৰিত, তেওঁলোকে নিজৰ হোম লোন এমচিএলআৰ ব্যৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ চিন্তা কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে নতুন ব্যৱস্থাক অধিক স্বচ্ছ কৰাৰ লক্ষ্য। এই ক্ষেত্ৰত পলিচী ৰেটত কৰ্তনৰ প্ৰভাৱ তাৎক্ষণিকভাৱে পৰা দেখা যায়।

৩) নতুন গ্ৰাহকে হোম লোন এমচিএলআৰ ব্যৱস্থাৰ অধীনত গ্ৰহণ কৰিব পাৰে। তেওঁলোকৰ ওচৰত এক্সটাৰ্নেল বেন্সমাৰ্ক ব্যৱস্থাৰ মূল্যায়ন কৰাৰো বিকল্প থাকে। ইয়াৰ কাৰণে তেওঁলোকে কিছু অপেক্ষা কৰিব লাগিব কাৰণ এই সন্দৰ্ভত এতিয়াও নীতি–নিৰ্দেশনা আহিবলৈ বাকী।

যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পাত্ৰ তেওঁলোকেও ঋণ লোৱাৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰিব পাৰে। আঁচনিৰ জৰিয়তে ঋণ লোৱাৰ বাবে চাবছিডি লাভ কৰে। চৰকাৰে আঁচনিৰ পৰিধি ৩১ মাৰ্চ ২০২০লৈ বৃদ্ধি কৰিছে। 

কিয় হ্ৰাস পাব সুতৰ হাৰ

অৰ্থশাস্ত্ৰীসকলৰ মতে ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় দ্বিমাসিক মুদ্ৰা সমীক্ষাত নীতিগত দৰৰ ক্ষেত্ৰতে ০.২৫ শতাংশ হ্ৰাস কৰিছে। দেশৰ আৰ্থিক বিকাশৰ কাৰণে চিন্তা কৰি আৰবিআইয়ে এই সিদ্ধান্ত লৈছে। মাৰ্চ ত্ৰিমাসিকত জিডিপিৰ বৃদ্ধিৰ হাৰ ৫.৮শতাংশলৈ নামি আহিছে আৰু এয়া পাঁচ বছৰৰ ভিতৰতে আটাইতকৈ কম জিডিপি।

 
আৰু চাওক পৰৱৰ্তী বাতৰি