ছচিয়েল মিডিয়াত এতিয়া বাঢ়িছে ন্যায়াধীশক ব্যক্তিগত আক্ৰমণ কৰাৰ প্ৰৱণতা। এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে। বৃহস্পতিবাৰে এখন ইংৰাজী দৈনিক বাতৰি কাকতত মন্ত্ৰীগৰাকীয়ে স্বতন্ত্ৰ ন্যায় ব্যৱস্থাক সন্দেহৰ দৃষ্টিৰে চোৱাটো অশুভ লক্ষণ বুলি মন্তব্য কৰে।
মন্ত্ৰীগৰাকীৰ অভিযোগ,বিচৰা ধৰণে আদালতে ৰায় প্ৰদান নকৰাত একাংশই এতিয়া ন্যায়পালিকাৰ বিৰুদ্ধাচৰণ কৰিছে। আনকি দেশ ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন কৰাৰ এটা নতুন ট্ৰেণ্ড আৰম্ভ কৰিছে বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে লগতে কৈছে যে, কংগ্ৰেছ আৰু তেওঁলোকৰ সমৰ্থিত অধিবক্তাই বিচৰা ধৰণে উত্তৰ নাপাই মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপন কৰাটো এক দুৰ্ভাগ্যজনক ঘটনা। ৰবি শংকৰ প্ৰসাদে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিজেপিৰ নেতাসকলে এতিয়া এই ক্ষেত্ৰত সৰ্বাধিক ভুগিবলগীয়া হৈছে। গতিকে তেওঁলোক এতিয়া এই ক্ষেত্ৰত অতিশয় চিন্তিত।
ৰবিশংকৰ প্ৰসাদে লগতে লিখিছে যে, যিসকল বাৰে বাৰে নিৰ্বাচনত পৰাস্ত হৈছে, যাক ৰাইজে ইতিমধ্যে অগ্ৰাহ্য কৰিছে, তেওঁলোকে ৰাজনীতি আৰু শাসনযন্ত্ৰক প্ৰভাৱিত কৰিব পৰা নাই। গতিকে উচ্চতম ন্যায়ালয়ৰ লগতে অন্যান্য আদালতৰ মৰ্যদাক হেয় কৰিবলৈ উঠি পৰি লাগিছে। যি কেতিয়াও গ্ৰহণযোগ্য নহয়। ইণ্ডিয়ান এক্সপ্ৰেছত এনেদৰে লিখে আইনমন্ত্ৰীগৰাকীয়ে।
যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক আদালতে ১ টকাৰ জৰিমনা বিহিছিল। প্ৰশান্ত ভূষণক ন্যয়ালয়ে প্ৰদান কৰা ৰায়ৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে এই জৰিমনা বিহা হৈছিল। এতিয়া বিষয়টোক গুৰুত্বসহকাৰে লৈছে বুলি জনাই আইনমন্ত্ৰী ৰবি শংকৰ প্ৰসাদে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|