UNSCত কাশ্মীৰ প্ৰসংগক লৈ পাকিস্তানৰ অভিসন্ধি ব্যৰ্থ! ভাৰতে চীনক দিলে আঁতৰি থকাৰ পৰামৰ্শ

News18 Assam | News18-Assam
Updated:January 16, 2020, 5:53 PM IST
UNSCত কাশ্মীৰ প্ৰসংগক লৈ পাকিস্তানৰ অভিসন্ধি ব্যৰ্থ! ভাৰতে চীনক দিলে আঁতৰি থকাৰ পৰামৰ্শ
ভৱিষ্যতে এনেবোৰ বিষয়ৰ পৰা নিজকে বচাই ৰাখক। বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা ৰবীশ কুমাৰে কয়, ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ বন্ধ কোঠাৰ বৈঠকত পাকিস্তানে একোকে নাপালে। পাকিস্তানে কাশ্মীৰৰ ৩৭০ধাৰা উঠাই লোৱা কাৰ্যক ভুলকৈ উপস্থাপন কৰিবলৈ উত্ৰাৱল হৈ পৰিছে বুলি তেওঁ কয়। 

  • Share this:
ৰাষ্ট্ৰসংঘত কাশ্মীৰ প্ৰসংগত চীন–পাকিস্তানে আকৌ এবাৰ বিমৰ্ষ হ’বলগীয়া হয়। বুধবাৰে UNSCত কাশ্মীৰ প্ৰসংগত পাকিস্তান আৰু চীনে সমৰ্থন গোটোৱাত ব্যৰ্থ হয়। বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা ৰবীশ কুমাৰে কয় যে, পাকিস্তানে UNSCৰ সদস্যৰ দ্বাৰা এনেকুৱা দাবী উত্থাপন কৰাটো ভুল হৈছে। অৱশ্যে চীনে এই প্ৰসংগ উত্থাপন কৰিলেও বাকী সদস্যসকলে পৰিষ্কাৰ কৰি দিয়ে যে এইবোৰ বিষয় উত্থাপন কৰাৰ এয়া সঠিক মঞ্চ নহয়।

ভৱিষ্যতে এনেবোৰ বিষয়ৰ পৰা নিজকে বচাই ৰাখক। বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা ৰবীশ কুমাৰে কয়, ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ বন্ধ কোঠাৰ বৈঠকত পাকিস্তানে একোকে নাপালে। পাকিস্তানে কাশ্মীৰৰ ৩৭০ধাৰা উঠাই লোৱা কাৰ্যক ভুলকৈ উপস্থাপন কৰিবলৈ উত্ৰাৱল হৈ পৰিছে বুলি তেওঁ কয়। চীনে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ মতক গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগে আৰু আগলৈ এনেধৰণৰ কাৰ্য কৰাৰ পৰা বিৰত থাকিব লাগে। ৰবীশ কুমাৰে লগতে কয় যে, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ৱাংগ ইৰ যাত্ৰাৰ সময়ত এইবোৰ বিষয় উত্থাপন নহ’ব বুলি ভবাটো ভুল।

পাকিস্তানে পৰিষ্কাৰ সংবাদ লাভ কৰিছে আৰু ভৱিষ্যতে এনেধৰণৰ লজ্জাজনক পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ কেনেকৈ কাৰ্যপন্থা গ্ৰহণ কৰি দ্বিপাক্ষিক কথা–বতৰাত গুৰুত্ব দিয়ে সেয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে জনায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি