প্ৰেম জানো কৰো বুলি কৰিব পাৰি? ক’ত, কেতিয়া, কাৰ সৈতে প্ৰেম হৈ যায় কোনে জানে! ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাও এদিন প্ৰেমত পৰিছিল। ‘তাইক মই বৰ ভাল পাইছিলো। আনকি তাইৰ সৈতে সংসাৰ কৰাৰো সপোন দেখিছিলো, কিন্তু....’ ভেলেণ্টাইন দ্যেৰ দিনা ৰতন টাটাই শ্বেয়াৰ কৰিছে নিজৰ প্ৰেম কাহিনী।
‘মই ‘
architecture’ বিষয়ত স্নাতক ডিগ্ৰী লৈছিলো। কিন্তু দেউতা সুখী নাছিল।গতিকে মই ঠিক কৰিছিলো যে, মই চাকৰি বিচাৰি ল’ছ এঞ্জেলছলৈ যাম। তেনেকৈয়ে এদিন মই ল’ছ এঞ্চেলছলৈ গুছি গ’লো। আৰু তাতে মই এজনী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খালো..এয়াই আছিল আৰম্ভণি।’
‘লাহে লাহে চাকৰিটো মোৰ ভাল লাগি আহিছিল। ইতিমধ্যে দুবছৰ পাৰ হৈছে। তেতিয়ালৈ মই নিজাকৈ এখন গাড়ীও লৈছিলো। তাইৰ লগতো সম্পৰ্ক ভালদৰেই চলি আছিল। ইতিমধ্যে তাইক বিয়া কৰাম বুলি মই থিৰাং কৰিছোলো। কিন্তু হঠাৎ মোৰ আইতা অসুস্থ হৈ পৰিল। মই ঘৰলৈ উভতিব লাগে। ভাবিছিলো তাই আহিব মোৰ লগত। সেইসময়তে ভাৰত–চীনৰ যুদ্ধ আৰম্ভ হৈছে। ১৯৬২ চনত তাইৰ পিতৃ–মাতৃ ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰে। ঘৰৰ সন্মতি নোহোৱাকৈ, তাইয়ো মোৰ সৈতে আহিব নোৱাৰিলে। কিন্তু মই ঘৰলৈ আহিবলীয়া হ’ল, ফলত ইমানতে শেষ হ’ল আমাৰ সম্পৰ্ক।’
![]()
‘Humans of Bombay’ নামৰ এটা পেজত ৰতন টাটাই ১৩ ফেব্ৰুৱাৰীত নিজৰ শৈশৱ, কৈশোৰ, নিজৰ প্ৰেম কাহিনীৰ কথা উল্লেখ কৰে। পিতৃ–মাতৃৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত ৰতন টাটাই আইতাকৰ সৈতে পাৰ কিছে নিজৰ শৈশৱ আৰু কৈশোৰ। ৰতন টাটাৰ জীৱনত আইতাকৰ আছিল বহু গুৰুত্বপূৰ্ণ অৱদান।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|