ৰাষ্ট্ৰপতিৰ ভৱনৰ বাগিচাৰ নাম এতিয়াৰে পৰা অমৃত উদ্যান নামেৰে জনাজাত হ’ব। মোগল গাৰ্ডেন নামে খ্যাত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ বাগিচাখনৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতিৰ উপ-প্ৰেছ সচিব নাভিকা গুপ্তাই সংবাদ সংস্থা এএনআইক কয় যে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ ৭৫ বছৰ উদযাপন উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাক অমৃত উদ্যান হিচাপে সাধাৰণ নাম দিছে। অৱশ্যে, ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত এতিয়াও দুয়োটা নাম উল্লেখ কৰা আছে।
ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটটোৰ মতে অমৃত উদ্যান বৰ্তমানলৈকে কেৱল বাৰ্ষিক উৎসৱ, বাগিচা উৎসৱৰ সময়ত ৰাইজৰ বাবে মুকলি কৰা হৈছিল, যি ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হৈছিল। কিন্তু এতিয়াৰে পৰা ৰাষ্ট্ৰপতি ভৱনৰ এই বাগিচাখন আগষ্টৰ পৰা মাৰ্চলৈ সাধাৰণ ৰাইজৰ বাবে মুকলি থাকিব। অমৃত উদ্যানে জম্মু আৰু কাশ্মীৰত অৱস্থিত মোগল গাৰ্ডেন, তাজমহলৰ চাৰিওফালৰ বাগিচা আৰু আনকি ভাৰত আৰু পাৰ্চিয়াৰ ক্ষুদ্ৰ চিত্ৰৰ পৰা অনুপ্ৰেৰণা লয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 29, 2023, 10:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|