IPS বিষয়াই এনকাউণ্টাৰ কৰিলে শিশু ধৰ্ষণকাৰীক

News18-Assam
Updated:June 23, 2019, 10:20 PM IST
IPS বিষয়াই এনকাউণ্টাৰ কৰিলে শিশু ধৰ্ষণকাৰীক
উত্তৰ প্ৰদেশৰ ৰামপুৰৰ আই পি এছ বিষয়া অজয় পাল শৰ্মাই এনকাউণ্টাৰ কৰিলে ধৰ্ষণকাৰীক

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ আই পি এছ বিষয়া অজয় পাল শৰ্মাই এনকাউণ্টাৰ কৰিলে ধৰ্ষণকাৰীক

  • Share this:
এতিয়া ছচিয়েল মিডিয়াৰ লগতে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে এগৰাকী আই পি এছ বিষয়াৰ কাৰ্যই। এটা শিশু ধৰ্ষণকাৰী লম্পটক এনকাউণ্টাৰ কৰিলে  বিষয়াগৰাকীয়ে। নাজিৰ নামৰ ছবছৰীয়া শিশু ধৰ্ষণকাৰী লম্পটটোক তিনিজাঁই গুলীৰে গুলীবিদ্ধ কৰে বিষয়াগৰাকীয়ে।

উল্লেখযোগ্য য়ে প্ৰায় এমাহৰ পূৰ্বে এটি ছবছৰীয়া শিশুক শাৰীৰিক নিৰ্যাতন চলাইছিল নাজিৰ নামৰ লম্পটটোৱে। পিছত মুমূৰ্ষ অৱস্থাত শিশুটিৰ মৃতদেহ হাবিত উদ্ধাৰ হোৱাৰ এদিন পিছতে বিষয়াগৰাকীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি নাজিৰক দোষী সাব্যস্ত কৰে। আৰু অৱশেষত আজি অজয় পাল শৰ্মা নামৰ বিষয়াগৰাকীয়ে কোনো ধৰণৰ অন্য শাস্তিলৈ অপেক্ষা নকৰি এনেদৰে নাজিৰক গুলীয়াই শিশুটিক ন্যায় প্ৰদান কৰে। ধৰ্ষণকাৰীৰ বিৰুদ্ধে বিষয়াগৰাকীয়ে লোৱা এনে ধৰণৰ দৃষ্টান্তমূলক শাস্তিৰ পিছত এতিয়া বিষয়াগৰাকীৰ সাহসিকতাক সন্মান জনাইছে বিভিন্নজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading