মুখ্যপৃষ্ঠা »খবৰ »দেশ »Girls Video sold on Twitter: টুইটাৰত ২০-৩০ টকাত বিক্ৰী হৈছে শিশু-কিশোৰীৰ পৰ্ণ ভিডিঅ’, দিল্লী মহিলা আয়োগৰ দাবী

Girls Video sold on Twitter: টুইটাৰত ২০-৩০ টকাত বিক্ৰী হৈছে শিশু-কিশোৰীৰ পৰ্ণ ভিডিঅ’, দিল্লী মহিলা আয়োগৰ দাবী

Swati Maliwal: মালিৱালে কয় যে টুইটাৰত এই ধৰণৰ ভিডিঅ’ কেনেকৈ মজুত হৈ আছে আৰু এইবোৰ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত টুইটাৰৰ নীতি কি এই বিষয়ে সোধা হৈছে, কিন্তু এতিয়ালৈ কোনো উত্তৰ পোৱা নাই।

Swati Maliwal: মালিৱালে কয় যে টুইটাৰত এই ধৰণৰ ভিডিঅ’ কেনেকৈ মজুত হৈ আছে আৰু এইবোৰ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত টুইটাৰৰ নীতি কি এই বিষয়ে সোধা হৈছে, কিন্তু এতিয়ালৈ কোনো উত্তৰ পোৱা নাই।

  • Share this:
দিল্লী আৰক্ষী (Delhi Police) আৰু মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ (Twitter)লৈ মঙলবাৰে দিল্লী কমিছন ফৰ উইমেন (DCW)ৰ অধ্যক্ষ স্বাতি মালিৱালে জাননী প্ৰেৰণ কৰি কয় যে মাইক্ৰ’ব্লগিং ছাইটটোত শিশু পৰ্ণগ্ৰাফী আৰু ইয়াৰ ব্যৱসায় চলি আছে। ইয়াৰ সৈতে জড়িত কিছুমান ভিডিঅ’ টুইটাৰত ২০-৩০ টকাত বিক্ৰী হৈছে। এনেধৰণৰ ভিডিঅ’ আঁতৰোৱাত ব্যৰ্থ হৈছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো। মালিৱালে (Swati Maliwal) দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰি এনেধৰণৰ ভিডিঅ’ চিত্ৰগ্ৰহণ আৰু আপলোড কৰাৰ লগত জড়িত লোকসকলৰ লগতে ভুক্তভোগী আৰু অভিযুক্তসকলক চিনাক্ত কৰিবলৈ অনুৰোধ জনাইছে।

স্বাতি মালিৱালে কয় যে বিশ্বৰ অন্যতম বৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ শিশুৰ পৰ্ণগ্ৰাফিক ভিডিঅ’ বিক্ৰীৰ মাধ্যমত পৰিণত হৈছে। কণমানি ছোৱালীৰ ধৰ্ষণৰ ভিডিঅ’ টুইটাৰত ভাহি ফুৰিছে। ২০-৩০ টকাত বিক্ৰী হৈছে ছোৱালীৰ পৰ্ণ ভিডিঅ'। মালিৱালে জনোৱা মতে, চমনৰ উত্তৰ দিবলৈ টুইটাৰ আৰু দিল্লী আৰক্ষীক ২৬ ছেপ্টেম্বৰলৈকে সময় দিয়া হৈছে।

কোম্পানীয়ে বিদেশৰ আইন মানি চলে

মালিৱালে টুইটাৰত লিখিছে, “হাজাৰ হাজাৰ লোকে কণমানি ছোৱালীৰ ধৰ্ষণৰ ৰেকৰ্ডিং শ্বেয়াৰ কৰিছে। মহিলা স্নান কৰা ভিডিঅ’ গোপন কেমেৰাৰ জৰিয়তে ৰেকৰ্ড কৰি দিয়া হৈছে। এই কোম্পানীবোৰে বহিঃৰাষ্ট্ৰৰ আইন মানি চলে ভাৰতত ঘটি থকা অশ্লীলতা আৰু নাৰীৰ ধৰ্ষণৰ প্ৰতি চকু মুদি দিয়ে।” মালিৱালে কয় যে টুইটাৰত এই ধৰণৰ ভিডিঅ’ কেনেকৈ মজুত হৈ আছে আৰু এইবোৰ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত টুইটাৰৰ নীতি কি?

শেহতীয়া বাতৰি