ওঁঠত মিচিকিয়া হাঁহি, পিন্ধনত নীলা শাৰীৰে ৰাণুৱে গালে নতুন বছৰৰ গীত, মুহূৰ্ততে ভাইৰেল

News18 Assam | News18-Assam
Updated:January 10, 2020, 8:34 PM IST
ওঁঠত মিচিকিয়া হাঁহি, পিন্ধনত নীলা শাৰীৰে ৰাণুৱে গালে নতুন বছৰৰ গীত, মুহূৰ্ততে ভাইৰেল
পুনৰ এটি গীত লৈ উভতিছে ৰাণু মণ্ডল।

পুনৰ এটি গীত লৈ উভতিছে ৰাণু মণ্ডল।

  • Share this:
ৰে’লেৱে ষ্টেশ্যনত গান গোৱাৰ পৰা হিমেশ ৰেশমিয়াই ব্ৰেক দিয়ালৈ, মগনীয়াৰ পৰা চেলিব্ৰিটি ৰেম্প ৱাকলৈ ২০১৯বৰ্ষটো আছিল ৰাণু মণ্ডলৰ কাৰণে জীৱনৰ টাৰ্ণিং পইণ্ট। এটা গীতৰ কাৰণে ছচিয়েল মিডিয়া চেনছেশ্যন হৈ ৰাণু মণ্ডলক লৈ বিতৰ্কও বহুত। নতুন বছৰৰ আৰম্ভনিতে ৰাণুৰ আন এটি গীত ভাইৰেল হৈছে। কোনোবা এটা ফেচবুক পেজত ৰাণু মণ্ডলে গোৱা এটি পুৰণি বাংলা গীত আপলোড কৰা হৈছিল। সেই ভিডিওত দেখা গৈছে নীলা শাৰী পিন্ধি, হাস্যবদনে ৰাণুৱে গাইছে ‘ভাল কৰে তুমি চেয়ে দেখো, দেখতে চিনতে পাৰো কিনা’ (ভালকৈ তুমি চোৱা, চিনিব পাৰিছা নে নাই?) । লগে লগে ভাইৰেল হয় সেই ভিডিও।

ক্লিক কৰি চাওক সেই সেই 'ভাইৰেল' ভিডিও

 
আৰু চাওক
পৰৱৰ্তী বাতৰি