ৰে’লৱে ষ্টেচনৰ পৰা বলীউদত পদাৰ্পণ কৰা ৰাণু মণ্ডলে কৰিলে প্ৰথমটো ষ্টেজ শ্ব’

এই ভিডিঅ’টোত ৰাণু মণ্ডলক মানুহেৰে ঠাহ খাই থকা এটা হলত গীত পৰিৱেশন কৰা দেখা গৈছে।

News18-Assam
Updated:August 29, 2019, 11:51 AM IST
ৰে’লৱে ষ্টেচনৰ পৰা বলীউদত পদাৰ্পণ কৰা ৰাণু মণ্ডলে কৰিলে প্ৰথমটো ষ্টেজ শ্ব’
এই ভিডিঅ’টোত ৰাণু মণ্ডলক মানুহেৰে ঠাহ খাই থকা এটা হলত গীত পৰিৱেশন কৰা দেখা গৈছে।
News18-Assam
Updated: August 29, 2019, 11:51 AM IST
ভাগ্যৰ চকৰি কেতিয়া কোনফালে ঘূৰে কোনেও নাজানে। ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ই নিশাটোৰ ভিতৰতে ভাগ্য সলনি কৰিলে ৰে’লৱে ষ্টেচনত গান গাই জীৱন নিৰ্বাহ কৰা ৰাণু মণ্ডলৰ। ৰে’লৱে ষ্টেচনত গান গোৱা ৰাণু মণ্ডল আজি দেশবাসীৰ পৰিচিত। ইতিমধ্যে হিমেশ ৰেশমিয়াৰ ছবিৰ বাবে এটি গীতত কণ্ঠদান কৰি এগৰাকী নেপথ্য কণ্ঠশিল্পী হিচাপে বলীউদতো পদাৰ্পণ কৰিছে ৰাণু মণ্ডলে। সেই ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। শেহতীয়াকৈ ৰাণু মণ্ডলৰ আন এটা ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ’টোও ছচিয়েল মিডিয়াৰ জৰিয়তে আগৰ ভিডিঅ’টোৰ দৰেই ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টোত ৰাণু মণ্ডলক মানুহেৰে ঠাহ খাই থকা এটা হলত গীত পৰিৱেশন কৰা দেখা গৈছে। ৰাণুৰ কণ্ঠত ৰজনজনাই উটিছে সমগ্ৰ হলটো। ভিডিঅ’টো দেখিলে জনা যায় যে এয়া কোনো বিশেষ অনুষ্ঠানৰ। ইনষ্টাগ্ৰামত ৰাণুৰ এজন অনুৰাগীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। ভিডিঅ’টোৰ কেপচনত লিখা হৈছে যে এয়া ৰাণুৰ প্ৰথম ষ্টেজ শ্ব’ যিটো পশ্চিম বংগৰ নৱদ্বীপত আয়োজন কৰা হৈছিল।

ৰাণুৰ প্ৰথম ষ্টেজ শ্ব’ৰ ভিডিঅ’




 





View this post on Instagram




 

1st time performing on stage at Nabadwip.


A post shared by Renu Mondal Teem (@ranumondal_teem) on





এই ভিডিঅ’টোৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল, মঞ্চত ৰাণু মণ্ডলৰ সৈতে সেই যুৱকজনক দেখা গৈছে যিজনে ৰে’লৱে প্লেটফৰ্মত ৰাণু মণ্ডলৰ ভিডিঅ’ বনাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি নিশাটোৰ ভিতৰতে জনপ্ৰিয় কৰি তুলিছিল। মঞ্চতো ৰাণুৱে হিমেশ ৰেশমিয়াৰ ‘তেৰী মেৰী কাহানী’ গীতটো পৰিৱেশন কৰে।

ৰাণু এতিয়া বলীউদৰ তাৰকা, হিমেশ ৰেশমিয়াই এটা গানৰ বাবদ দিলে ৬ লাখ!

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitterত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি