এইবাৰ দুৰ্গা পূজাত বাজিব ৰাণু মণ্ডলৰ গীত, চাওক ভিডিঅ’

ৰাণাঘাট ষ্টেচনৰ পৰা নিশাটোৰ ভিতৰতে তাৰকালৈ পৰিণত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ক্লাবৰ বাবে গান গালে ৰাণু মণ্ডলে।

News18-Assam
Updated:October 1, 2019, 4:16 PM IST
এইবাৰ দুৰ্গা পূজাত বাজিব ৰাণু মণ্ডলৰ গীত, চাওক ভিডিঅ’
Photo : Facebook
News18-Assam
Updated: October 1, 2019, 4:16 PM IST
এইবাৰ পূজাত বাজিব ৰাণু মণ্ডলৰ গীত। পূৰ্বেই জনা গৈছিল যে এইবাৰ পূজাৰ থিম ছং শুনা যাব ৰাণুৰ কণ্ঠত। সেইমতেই গানৰ ৰেকৰ্ডিং কৰিলে শিল্পীয়ে। আৰু এতিয়া প্ৰকাশ পাইছে ৰাণু মণ্ডলৰ গান। ৰাণাঘাট ষ্টেচনৰ পৰা নিশাটোৰ ভিতৰতে তাৰকালৈ পৰিণত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ক্লাবৰ বাবে গান গালে ৰাণু মণ্ডলে। কলকাতাৰ অৰ্জুনপুৰ আমৰা সবাই ক্লাবৰ বাবে ৰাণু মণ্ডলে গালে এই গীতটো। গীতটোৰ সুৰ বিজয় শীলৰ আৰু কথা প্ৰীতম দে’ৰ।

অৰ্জুনপুৰ আমৰা সবাই ক্লাবত এইবাৰ পূজাত দেখা যাব চালে চকু ৰোৱা চমক। বাঁহেৰে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। যি বাঁহে এইবাৰ কথা ক’ব! অৰ্থাৎ বাঁহৰ সন্মুখলৈ আহিলেই শুনা যাব নানা ধৰণৰ শব্দ। গতিকে এই চমক চাবলৈ তথা ৰাণু মণ্ডলৰ গীত শুনিবলৈ যাওক অৰ্জুনপুৰৰ পূজালৈ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি