NRCক লৈ ৰঞ্জন গগৈয়ে লোৱা পদক্ষেপৰ কাৰণেই উত্থাপন হৈছিল যৌন নিৰ্যাতনৰ অভিযোগ !

- News18 Assam
- Last Updated: February 18, 2021, 2:11 PM IST
আজি ন্যায়াধীশ এছকে কৌলৰ নেতৃত্বত গঠিত এখন তিনিজনীয়া বিচাৰপীঠে কমিটীৰ প্ৰতিবেদনৰ উদ্ধৃতি দি গোচৰটো নিষ্পত্তি কৰে । এজন অধিবক্তাৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ২০১৯চনত ন্যায়ধীশ পাটনায়কৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিয়া হৈছিল । কমিটীখনক সমগ্ৰ ঘটনাৰ আঁৰত কি উদ্দেশ্য অন্তৰ্নিহিত হৈ আছে – এই সন্দৰ্ভত তদন্ত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল ।
উল্লেখযোগ্য যে ২০১৯চনৰ প্ৰথমাৰ্ধত উচ্চতম ন্যায়ালয়ত কৰ্মৰত এগৰাকী মহিলাই সেই সময়ৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । তেতিয়া তৎক্ষণাৎ ন্যায়াধীশ এছএ ববড়ে (এতিয়াৰ মুখ্য ন্যায়াধীশ), ইন্দু মালহোত্ৰা আৰু ইন্দিৰা বেনাৰ্জীৰ তিনিজনীয়া তদন্ত কমিটী গঠন কৰি দিয়া হৈছিল । কমিটীখনে তদন্তৰ অন্তত গগৈক দোষমুক্ত কৰিছিল । আনহাতে অভিযোগকাৰী মহিলা গৰাকীক ২০২০চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ত চাকৰি যোগদান কৰিবলৈ অনুমতি প্ৰদান কৰা হয় ।