• Home
  • »
  • News
  • »
  • nation
  • »
  • CWC বৈঠকক লৈ কংগ্ৰেছত ল’ৰা ধেমালি! কংগ্ৰেছৰ মুখপাত্ৰই উভতি ধৰিলে কপিল ছিবালক

CWC বৈঠকক লৈ কংগ্ৰেছত ল’ৰা ধেমালি! কংগ্ৰেছৰ মুখপাত্ৰই উভতি ধৰিলে কপিল ছিবালক

ফাইল ফটো

ফাইল ফটো

উল্লেখ্য যে, কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি ছোনীয়া গান্ধীলৈ ২৩জন জ্যেষ্ঠ কংগ্ৰেছীয়ে পত্ৰ দিয়াৰ পিছতে ৰাহুল গান্ধীয়ে জ্যেষ্ঠ নেতাকেইজনক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিজেপিৰে হলি গলি কৰাৰ অভিযোগ অনাৰ কথা প্ৰকাশ পাইছিল।

  • Share this:
CWC বৈঠকক লৈ কংগ্ৰেছত ল'ৰা ধেমালি!  বিজেপিৰ সৈতে জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ হলি গলিৰ অভিযোগৰ প্ৰতিক্ৰিয়া কপিল ছিবালে প্ৰকাশ কৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ মুখপাত্ৰ ৰনদীপ সুৰজেৱালাৰ টুইট। কপিল ছিবালক উভতি ধৰিলে মুখপাত্ৰ গৰাকীয়ে। সুৰজেৱালাৰ মতে, বৈঠকত ৰাহুল গান্ধীয়ে তেনে কোনো কথা কোৱা নাই। ছিবালক সংবাদ মাধ্যমৰ মিছা বাতৰিত ভোল নাযাবলৈ আহ্বান সুৰজেৱালাৰ।

সুৰজেৱালাই টুইটত লিখে, ‘আমি নিজৰ মাজত যুঁজ বাগৰ কৰি এজনে আনজনক আঘাত দিয়াতকৈ মোদীৰ আক্ৰোশ মূলক নীতিৰ বিৰুদ্ধে হে যুঁজ দিব লাগে।’



উল্লেখ্য যে, কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি ছোনীয়া গান্ধীলৈ ২৩জন জ্যেষ্ঠ কংগ্ৰেছীয়ে পত্ৰ দিয়াৰ পিছতে ৰাহুল গান্ধীয়ে জ্যেষ্ঠ নেতাকেইজনক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিজেপিৰে হলি গলি কৰাৰ অভিযোগ অনাৰ কথা প্ৰকাশ পাইছিল।
First published: