Jharkhand Verdict: খ্ৰীষ্টমাছৰ পিছত শপত ল’ব পাৰে হেমন্ত ছোৰেনে, কেনেকুৱা হ’ব নতুন কেবিনেট?

News18 Assam | News18-Assam
Updated:December 24, 2019, 10:30 AM IST
Jharkhand Verdict: খ্ৰীষ্টমাছৰ পিছত শপত ল’ব পাৰে হেমন্ত ছোৰেনে, কেনেকুৱা হ’ব নতুন কেবিনেট?
ঝাৰখণ্ডত নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পিছতে সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে।

ঝাৰখণ্ডত নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পিছতে সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে।

  • News18 Assam
  • Last Updated: December 24, 2019, 10:30 AM IST
  • Share this:
ঝাৰখণ্ডৰ জনতাই ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)ৰ হাতত অৰ্পণ কৰিলে ৰাজ্যখনৰ শাসনৰ ছাবি। ৰাজ্যখনত হেমন্ত ছোৰেন মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত। আজি নতুন চৰকাৰ গঠনৰ যো–জা আৰম্ভ হ’ব। পুৱা ১১ বজাত ৰাঁচীত জেএমএমৰ অধ্যক্ষ শিবু ছোৰেনৰ বাসগৃহত দলৰ বিধায়কসকলৰ এখন বৈঠক আয়োজন কৰা হৈছে। এই বৈঠকত হেমন্ত ছোৰেনক জে এম এমৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব। ইয়াৰ পিছতে মিত্ৰজোঁটৰ দলৰ সৈতে বৈঠকত মিলিত হৈ হেমন্ত ছোৰেনে চৰকাৰ গঠনৰ দাবী কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, হেমন্ত ছোৰেনে খ্ৰীষ্টমাছৰ পিছত ২৭ বা ২৮ ডিচেম্বৰত মুখ্যমন্ত্ৰী পদৰ শপত লোৱাৰ সম্ভাৱনা আছে।

হেমন্ত ছোৰেনৰ সম্ভাৱিত কেবিনেটৰ ৰূপৰেখা প্ৰায় নিশ্চিত হৈছে। তেওঁৰ মন্ত্ৰীমণ্ডলত জেএমএমৰ পাঁচগৰাকী, কংগ্ৰেছৰ পাঁচগৰাকী আৰু আৰজেডিৰ এগৰাকী মন্ত্ৰী থাকিব পাৰে। ইয়াৰ মাজতে, কংগ্ৰেছৰ ফালৰ পৰা উপ–মুখ্যমন্ত্ৰী পদটো দাবী কৰা হৈছে। কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ নেতা সুবোধকান্ত সহায়ৰ বাবে বিচৰা হৈছে এই পদটো।

ঝাৰখণ্ডত নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পিছতে সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। অৱশ্যে নতুন চৰকাৰ গঠন হোৱালৈ কাৰ্যবাহী মুখ্যমন্ত্ৰী হিচাপে থাকিব ৰঘুবৰ দাস। ৰঘুবৰ দাস জামছেদপুৰ (পূব) সমষ্টিত পৰাজিত হৈছে। এয়া আছিল ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ আটাইতকৈ আচৰিত ফলাফল। মুখ্যমন্ত্ৰীৰ বাদে তিনিজন মন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতি লক্ষ্মণ গিলুৱা আৰু অধ্যক্ষ দীনেশ ওৰাঙো পৰাজিত হয় নিৰ্বাচনত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি