যিসময়ত বহুলোকৰ বাবে চিকিৎসালয়লৈ যাত্ৰা কৰাটো কঠিন হৈ পৰিছে, সেইসময়তে ৰোগীৰ বিনামূলীয়া যাত্ৰাৰ বাবে আন এক অভিযান আৰম্ভ কৰিছে অ'টো চালক ৰবি আগৰৱালে।
যিসময়ত বহুলোকৰ বাবে চিকিৎসালয়লৈ যাত্ৰা কৰাটো কঠিন হৈ পৰিছে, সেইসময়তে ৰোগীৰ বিনামূলীয়া যাত্ৰাৰ বাবে আন এক অভিযান আৰম্ভ কৰিছে অ'টো চালক ৰবি আগৰৱালে।
কোৰোণা মহামাৰীয়ে সমগ্ৰ দেশৰে হাস্পতালসমূহৰ আন্তঃগাঁথনিল প্ৰায় ধ্বংস কৰি পেলাইছে।ফলত এতিয়া সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লৈছে। কিন্তু ইয়াৰ মাজতে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ এগৰাকী অ'টো চালকে দেখুৱাইেছে মহানুভৱতা। সংকটকালত হৈ পৰিছে নায়ক। কোভিড ৰোগীয়েই হওক বা আন ৰোগীয়েই হওক, চিকিৎসালয়লৈ যাবলৈ বিনামূলীয়া সেৱা আগবঢ়াইছে ৰবিয়ে।
১৫ এপ্ৰিলৰ পৰা এই বিনামূলীয়া যাত্ৰা আগবঢ়াই অহা ৰবিয়ে এই সন্দৰ্ভত সংবাদ সংস্থা ANIক জনায় যে, কেনেদৰে তেওঁ এগৰাকী মহিলাক চিকিৎসালয়ত উপস্থিত হোৱাত সহায় কৰাৰ পিছতেই এই সেৱা প্ৰদান কৰা আৰম্ভ কৰিছিল? যিসময়ত আন কোনো অ'টো চালকে মহিলাগৰাকীক হাস্পতাললৈ নিবলৈ মান্তি হোৱা নাছিল, তেতিয়াই ৰবিয়ে মহিলাগৰাকীক ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (RIMS)লৈ লৈ গৈছিল।
ৰবিয়ে কৈছিল যে, কোনো এজন অ'টো চালকে মহিলাগৰাকীক হাস্পতাললৈ লৈ যাবলৈ সাজু নাছিল। কাৰণ অ'টো চালকসকলে বিচৰা টকা দিয়াৰ সামৰ্থ নাছিল মহিলাগৰাকীৰ। কিন্তু মই তেওঁক লৈ যোৱাৰ প্ৰস্তাৱ দিছিলো। মই জনা নাছিলো, তেওঁ এগৰাকী কোভিড ৰোগী আছিল। মোলৈ আগবঢ়োৱা ধনো মই লোৱা নাছিলো।'
ইয়াৰ পিছতে এনে লোকৰ কথা চিন্তা কৰিয়েই ৰোগীক বিনামূলীয়া যাত্ৰাৰে হাস্পতাললৈ লৈ যোৱাৰ এই অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰে ৰবিয়ে। আনকি ৰোগীক সহায়ৰ বাবে সামাজিক মাধ্যমৰো সহায় লয় ৰবিয়ে।
ৰবিয়ে ANIক কৈছিল, "মই ফোন লাভ কৰা আৰম্ভ কৰিছো। বহুলোকে ভাবিছে যে, মই কোনো চিকিৎসালয়ত কৰ্মৰত। আৰু তেওঁলোকে মোক বিচনা আৰু অক্সিজেনৰ উপলব্ধতাৰ বিষয়েও সুধিছে। মই এনে লোকসকলৰ পৰাও ফোন পাইছো, যিসকলে কৈছে, তেওঁলোক কোৰোণা ভাইৰাছত আক্ৰান্ত আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যাবলৈ কোনো নাই।'
ৰবিয়ে জনায় যে তেওঁ কেৱল কোভিড-১৯ত আক্ৰান্ত সকলক সহায় কৰাই নহয়, জৰুৰীকালীন অৱস্থাত সহায়ৰ প্ৰয়োজন হোৱা যিকোনো লোককে সহায় কৰি আছে ।
দেশৰ এনে সংকটৰ সময়ত পাৰ্যমানে আনক সহায়ৰ বাবে ৰবিয়ে কৰা এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰাৰ লগতে আন একাংশই আকৌ তেওঁক ধনেৰেও সহায় কৰাৰ আশা ব্যক্ত কৰে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|