কিমাশ্চৰ্যম! ২৩ দিনীয়া নৱজাত শিশুৰ পেটৰ পৰা ওলাল ৮ টাকৈ ভ্ৰূণ! চিকিৎসকে ক'লে এইটো বিশ্বৰ প্ৰথম ঘটনা
কিমাশ্চৰ্যম! ২৩ দিনীয়া নৱজাত শিশুৰ পেটৰ পৰা ওলাল ৮ টাকৈ ভ্ৰূণ! চিকিৎসকে ক'লে এইটো বিশ্বৰ প্ৰথম ঘটনা
নৱজাত শিশুৰ পেটৰ পৰা ওলাল ৮ টাকৈ ভ্ৰূণ!
প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বিন্দু কুমাৰীয়ে জনোৱা মতে এনে এটা কেছক ফিটস ইন ফিটু বুলি কোৱা হয়। ৮ ৰ পৰা ১০ লাখ শিশুৰ ভিতৰত যিকোনো এজনৰ ক্ষেত্ৰতহে এনেকুৱা হয়।
ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ ৰাণী শিশু চিকিৎসালয়ত চৰ্চালৈ আহিছে এক অদ্ভুত ঘটনা। এটি ২৩ দিনীয়া নৱজাত কন্যা শিশুৰ পেটৰ অস্ত্ৰোপচাৰ কৰি ৮ টাকৈ ভ্ৰূণ আঁতৰাইছে চিকিৎসকে। কন্যা শিশুটিৰ অস্ত্ৰোপচাৰ কৰা ডাঃ ইমৰাণে জনোৱা মতে, ১০ অক্টোবৰত শিশুটিৰ জন্ম হৈছিল। জন্মৰ পিছত শিশুটিৰ পেটৰ বিষ আৰু পেট ফুলা ৰোগ হৈছিল। দুদিন পিছত তাইক ৰাণী শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
শিশুটিৰ চিটি স্কেন কৰাৰ পিছত দেখা গ’ল যে পেটত ডাৰ্মাটাইটিছ চিষ্ট থাকিব পাৰে। তাৰ পিছত প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত শিশুটিক ঘৰলৈ পঠিয়াই দিয়া হয়। ২১ দিনৰ পিছত ফোন কৰি মাতি বুধবাৰে যেতিয়া শিশুটিৰ অস্ত্ৰোপচাৰ হৈছিল তেতিয়া পেটৰ পৰা ৮ টাকৈ ভ্ৰূণ ওলাই আহিছিল। চিকিৎসকৰ মতে এইটো অতি বিৰল ঘটনা। শিশুটিৰ পিতৃ-মাতৃ ৰামগড়ৰ বাসিন্দা। ইয়াৰ নাম ফিটস ইন ফিটু
প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বিন্দু কুমাৰীয়ে জনোৱা মতে এনে এটা কেছক ফিটস ইন ফিটু বুলি কোৱা হয়। ৮ ৰ পৰা ১০ লাখ শিশুৰ ভিতৰত যিকোনো এজনৰ ক্ষেত্ৰতহে এনেকুৱা হয়। এই সমস্যা মহিলা শিশুৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। সাধাৰণতে এটা বা দুটা ভ্ৰূণ পোৱা যায়। ৮ টা ভ্ৰূণ পোৱা এই ঘটনাটো হয়তো পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ ঘটনা।
ডাঃ বিন্দু কুমাৰীয়ে কয় যে ফিটস ইন ফিটুত শিশুটিৰ ভিতৰত জৰায়ুত বৃদ্ধি হোৱা শিশুটিৰ বিকাশ হ’বলৈ আৰম্ভ কৰে। যমজ সন্তানৰ ক্ষেত্ৰত এই কথা বেছিকৈ দেখা যায়। যেতিয়া ভ্ৰূণৰ বিকাশৰ সময়ত আন এটা ভ্ৰূণ তাৰ ভিতৰলৈ যায় তেতিয়া এনে হোৱাৰ সম্ভাৱনা থাকে। তেওঁ কয় যে কিয় এনেকুৱা হয় তাৰ কোনো সুনিৰ্দিষ্ট কাৰণ আলোচনা হোৱা নাই।
কেঁচুৱাটোৰ পেটত সন্তান জন্ম দিয়াৰ অনুমান?
লক্ষণৰ কথা ক’বলৈ গ’লে নৱজাতকৰ শ্ৰোণী অংশত ফুলি উঠে, এটা গোট বাকী থাকে। প্ৰস্ৰাৱ বন্ধ হৈ যায়। বহুত বিষ হয়। এই লক্ষণবোৰৰ পিছত ডাক্তৰে পৰীক্ষা কৰিলে হয়তো এই ৰোগ ধৰা পৰে।