‘পতঞ্জলী’ৰ বালকৃষ্ণ হৃদৰোগত আক্ৰান্ত হৈ এইমছত ভৰ্তি

বালকৃষ্ণৰ বিশ্বাস নাইকীয়া হল নেকি আয়ুৰবেদ শাস্ত্ৰৰ ওপৰত!

News18-Assam
Updated:August 24, 2019, 5:23 PM IST
‘পতঞ্জলী’ৰ বালকৃষ্ণ হৃদৰোগত আক্ৰান্ত হৈ এইমছত ভৰ্তি
Source- Google
News18-Assam
Updated: August 24, 2019, 5:23 PM IST
শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ এইমছত ভৰ্তি হয় যোগগুৰু ৰামদেৱৰ একান্ত অনুগত বালকৃষ্ণ। হঠাৎ বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰাৰ পিছত যোগগুৰুজনক ভৰ্তি কৰোৱা হয় এইমছত।

পতঞ্জলী যোগপীঠৰ মুৰব্বী বালকৃষ্ণক প্ৰথমে হৰিদ্বাৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও, চিকিৎসকে বালকৃষ্ণক ঋষিকেশত থকা এইমছলৈ ৰেফাৰ কৰে।

শুকুৰবাৰে স্বাস্থ্যৰ দ্ৰূত অৱনতি ঘটাত বালকৃষ্ণক চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি কৰোৱা হয়। এতিয়াও বালকৃষ্ণৰ স্বাস্থ্য সুস্থিৰ হোৱা নাই বুলি জানিবলৈ দিছে চিকিৎসকে।
আৰু চাওক পৰৱৰ্তী বাতৰি