সুৰ সলনি কৰিলে বাবা ৰামদেৱে! এইবাৰ চিকিৎসকসকলক ঈশ্বৰৰ দূত বুলি উল্লেখ কৰি ক'লে – শীঘ্ৰেই ল’ম কোভিড ভেকচিন

News18 Assam | News18-Assam
Updated:June 11, 2021, 12:07 PM IST
সুৰ সলনি কৰিলে বাবা ৰামদেৱে! এইবাৰ চিকিৎসকসকলক ঈশ্বৰৰ দূত বুলি উল্লেখ কৰি ক'লে – শীঘ্ৰেই ল’ম কোভিড ভেকচিন
কোভিড-১৯ৰ চিকিৎসাত এলোপেথিক ঔষধৰ কাৰ্যকাৰিতা সম্পৰ্কে প্ৰশ্ন তুলি বিতৰ্কৰ সৃষ্টি কৰা ৰামদেৱৰ হঠাৎ সুৰ সলনি হ'ল।

কোভিড-১৯ৰ চিকিৎসাত এলোপেথিক ঔষধৰ কাৰ্যকাৰিতা সম্পৰ্কে প্ৰশ্ন তুলি বিতৰ্কৰ সৃষ্টি কৰা ৰামদেৱৰ হঠাৎ সুৰ সলনি হ'ল।

  • Share this:
কোভিড সংহাৰৰ মাজতে এলোপেথিক চিকিৎসা পদ্ধতিক লৈ বিতৰ্কিত মন্তব্য কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলা যোগগুৰু বাবা ৰামদেৱে হঠাৎ সুৰ সলনি কৰিলে। যোগ আৰু আয়ুৰ্বেদৰ সুৰক্ষা থকাৰ বাবে তেওঁক কোভিড ভেকচিনৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰা ৰামদেৱে এইবাৰ শীঘ্ৰেই কোভিড ভেকচিন গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। এয়াই নহয়, চিকিৎসকসকলকো পৃথিৱীত ঈশ্বৰৰ দূত বুলিও বৰ্ণনা কৰে ৰামদেৱে।

২১ জুনৰ পৰা সকলোৰে বাবে বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰয়ে কৰা ঘোষণাকো আদৰণি জনায় ৰামদেৱে। লগতে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক এক ‘ঐতিহাসিক’ পদক্ষেপ বুলি অভিহিত কৰে আৰু সকলোকে নিজকে টিকাকৰণ কৰিবলৈ আহ্বান জনায় যোগগুৰুজনে।

হৰিদ্বাৰত সাংবাদিকৰ আগত ৰামদেৱে উল্লেখ কৰে এনেদেৰে, "ভেকচিনৰ দুয়োটা পালিৰ লগতে যোগ-আয়ুৰ্বেদেৰে দুগুণ সুৰক্ষা লাভ কৰক। এই সকলো একত্ৰিত হৈ ইমানেই শক্তিশালী কৰিব যে কোভিড আক্ৰান্ত হৈ এগৰাকী ব্যক্তিৰো মৃত্যু নহ'ব।" আনফালে তেওঁ কেতিয়া ভেকচিনৰ শ্বট ল'ব বুলি সোধাত যোগ গুৰুজনে কয়, "অতি শীঘ্ৰেই।"

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন (IMA)ৰ সৈতে চলি থকা সংঘৰ্ষ সন্দৰ্ভত ৰামদেৱে কয় যে কোনো সংগঠনৰ সৈতে তেওঁৰ কোনো বিদ্বেষ থাকিব নোৱাৰে। তেওঁ কেৱল ঔষধৰ নামত মানুহৰ শোষণৰ বিৰুদ্ধে আছিল বুলিহে উল্লেখ কৰে। ৰামদেৱে কয় যে প্ৰধানমন্ত্ৰী জন ঔষধ কেন্দ্ৰসমূহ খুলিব লগা হৈছিল কিয়নো বহু চিকিৎসকৰ অত্যন্ত ব্যয়বহুল ঔষধ প্ৰদানৰ প্ৰৱণতা আছিল।

যোগগুৰুজনে কয়, "মই কোনো সংগঠনৰ বিৰোধী নহয়। ভাল চিকিৎসকসকল এক প্ৰকৃত আশীৰ্বাদ। তেওঁলোক পৃথিৱীত ঈশ্বৰৰ দূত। কিন্তু ব্যক্তিগত চিকিৎসকসকলে ভুল কাম কৰিব পাৰে। জৰুৰীকালীন চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে এলোপেথিক চিকিৎসা হৈছে সৰ্বশ্ৰেষ্ঠ। ইয়াক কোনো দ্বিমত থাকিব নোৱাৰে।"

উল্লেখ্য যে, এলোপেথিক চিকিৎসাক “মূৰ্খৰ বিজ্ঞান" (stupid science) বুলি উপলুঙা কৰিছিল বাবা ৰামদেৱে। তাৰ পিছতে বাবাৰ এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছিল IMAকে আদি কৰি চিকিৎসকসকল।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 12:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি