মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»১ জুনৰ পৰা আৰম্ভ হ’ব ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ আঁচনি, দেশৰ যিকোনো স্থানতে কিনিব পাৰিব ৰেছন

১ জুনৰ পৰা আৰম্ভ হ’ব ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ আঁচনি, দেশৰ যিকোনো স্থানতে কিনিব পাৰিব ৰেছন

News18 Assam | News18-Assam
Updated:January 20, 2020, 6:03 PM IST
১ জুনৰ পৰা আৰম্ভ হ’ব ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ আঁচনি, দেশৰ যিকোনো স্থানতে কিনিব পাৰিব ৰেছন
এই আঁচনি সমগ্ৰ দেশত কাৰ্যকৰী হোৱাৰ পিছত যিকোনো কাৰ্ডৰ গৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিকোনো ৰাজ্যৰ ৰেছন দোকানৰ পৰা নিজৰ ৰেছন সংগ্ৰহ কৰিব পাৰিব।

এই আঁচনি সমগ্ৰ দেশত কাৰ্যকৰী হোৱাৰ পিছত যিকোনো কাৰ্ডৰ গৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিকোনো ৰাজ্যৰ ৰেছন দোকানৰ পৰা নিজৰ ৰেছন সংগ্ৰহ কৰিব পাৰিব।

  • Share this:
১ জুন ২০২০ৰ পৰা আৰম্ভ হ’ব ‘এক ৰাষ্ট্ৰ, এক ৰেছন কাৰ্ড’ আঁচনি। এই কথা জনালে কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰামবিলাস পাছোৱানে। এই আঁচনিত পুৰণি ৰেছন কাৰ্ডো গ্ৰহণযোগ্য হ’ব। উল্লেখযোগ্য যে ১ জানুৱাৰী ২০২০ৰ পৰা দেশৰ ১২খন ৰাজ্য ক্ৰমে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, গুজৰাট, মহাৰাষ্ট্ৰ, হাৰিয়ানা, ৰাজস্থান, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, গোৱা, ঝাৰখণ্ড আৰু ত্ৰিপুৰাত ‘এক ৰাষ্ট্ৰ, এক ৰেছন কাৰ্ড’ আঁচনিৰ আৰম্ভ হৈছিল।

এই আঁচনি সমগ্ৰ দেশত কাৰ্যকৰী হোৱাৰ পিছত যিকোনো কাৰ্ডৰ গৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিকোনো ৰাজ্যৰ ৰেছন দোকানৰ পৰা নিজৰ ৰেছন সংগ্ৰহ কৰিব পাৰিব। পিডিএছৰ হিতাধিকাৰীৰ চিনাক্তকৰণ তেওঁৰ আধাৰ কাৰ্ডৰ ইলেকট্ৰনিক পইণ্ট অফ ছেল ডিভাইচেৰে কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ ৮০ কোটিৰো অধিক লোকক কম মূল্যত খাদ্য সামগ্ৰী যোগান ধৰে।
Published by: Sanjay Kumar Das
First published: January 20, 2020, 6:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি