খোদ ৰামৰ ঘৰতেই চুৰি! চেক জাল কৰি অযোধ্যাৰ ৰাম মন্দিৰ টাষ্ট্ৰৰ একাউণ্টৰ পৰা লুটিলে লক্ষাধিক টকা

News18 Assam | News18-Assam
Updated:September 12, 2020, 5:47 PM IST
খোদ ৰামৰ ঘৰতেই চুৰি! চেক জাল কৰি অযোধ্যাৰ ৰাম মন্দিৰ টাষ্ট্ৰৰ একাউণ্টৰ পৰা লুটিলে লক্ষাধিক টকা
একেবাৰে ৰামৰ ঘৰতেই চুৰি! চেক জালিয়াতি কৰি অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ টাষ্ট্ৰৰ বেংক একাউণ্টৰ পৰাই লক্ষাধিক টকা লুটিলে প্ৰতাৰকৰ দলে।

একেবাৰে ৰামৰ ঘৰতেই চুৰি! চেক জালিয়াতি কৰি অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ টাষ্ট্ৰৰ বেংক একাউণ্টৰ পৰাই লক্ষাধিক টকা লুটিলে প্ৰতাৰকৰ দলে।

  • News18 Assam
  • Last Updated: September 12, 2020, 5:47 PM IST
  • Share this:
একেবাৰে ৰামৰ ঘৰতেই চুৰি! চেক জালিয়াতি কৰি অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ টাষ্ট্ৰৰ বেংক একাউণ্টৰ পৰাই লক্ষাধিক টকা লুটিলে প্ৰতাৰকৰ দলে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বেংক একাউণ্টৰ পৰা ৬ লাখ টকা লুটি নিয়া হৈছে।  অযোধ্যাৰ ডেপুটি ইনস্পেক্টৰ জেনেৰেল দীপক কুমাৰে জনাইছে যে, ভুৱা চেক প্ৰদান কৰি এবাৰ ২.৫ লাখ টকা আৰু এবাৰ ৩.৫ লাখ টকা লুটি নিছে দুৰ্বৃত্তই। ৰাম মন্দিৰ টাষ্ট্ৰৰ সম্পাদকৰ চম্পট ৰায়ৰ অভিযোগৰ ভিত্তিত অজ্ঞাত পৰিচয়ৰ প্ৰতাৰকৰ বিৰুদ্ধে ‘এফ আই আৰ’ দাখিল কৰা হৈছে।

দীপক কুমাৰে জনাইছে যে, দুখন চিৰিয়েল নম্বৰৰ চেকৰ দ্বাৰা লুটি নিয়া হৈছে ৬ লাখ টকা। সেই চিৰিয়েল নম্বৰৰ প্ৰকৃত চেক এতিয়াও টাষ্ট্ৰৰ হাততে আছে।

কিদৰে কৰিলে জালিয়াতি?

ডি আই জিয়ে জনাই যে, বুধবাৰে বিয়লি ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়লৈ বেংকৰ ফালৰ পৰা এটা ভেৰিফিকেশ্যন কল আহে। আৰু তেওঁক জনোৱা হয় যে, মন্দিৰৰ একাউণ্টৰ পৰা ৯ লাখ ৮৬ হাজাৰ টকা উলিওৱা হৈছে। আৰু তেতিয়াই ধৰা পৰে জালিয়াতি।

প্ৰাথমিক তদন্তত এতিয়া বেংক কৰ্তৃপক্ষই গাফিলতি কৰিছিল নেকি, সেয়া পৰীক্ষা কৰা হৈছে। কাৰণ চেকৰ নিৰ্দিষ্ট চিৰিয়েল নম্বৰ গ্ৰাহকৰ লগতে বেংক কৰ্তৃপক্ষৰ লগতো থাকে। নকল চেকত চম্পট ৰায় আৰু ট্ৰাষ্ট্ৰৰ আৰু এগৰাকী সদস্যৰ চহী আছিল। জানিব পৰা মতে, একাউণ্টৰ পৰা উলিওৱা টকা পঞ্জাৱ নেচনেল বেংকৰ এটা একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: September 12, 2020, 5:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading