• Home
  • »
  • News
  • »
  • nation
  • »
  • Gurmeet Ram Rahim: শাস্তিৰ উপৰি শাস্তি, আন এক অপৰাধত ধৰ্মগুৰু ৰাম ৰহিমক পুনৰ আজীৱন কাৰদণ্ড

Gurmeet Ram Rahim: শাস্তিৰ উপৰি শাস্তি, আন এক অপৰাধত ধৰ্মগুৰু ৰাম ৰহিমক পুনৰ আজীৱন কাৰদণ্ড

২০০২ত মেনেজাৰ ৰঞ্জিত সিঙক হত্যা গোচৰৰ ৰায়দান কৰি এই শাস্তি বিহে আদালতে।

২০০২ত মেনেজাৰ ৰঞ্জিত সিঙক হত্যা গোচৰৰ ৰায়দান কৰি এই শাস্তি বিহে আদালতে।

২০০২ত মেনেজাৰ ৰঞ্জিত সিঙক হত্যা গোচৰৰ ৰায়দান কৰি এই শাস্তি বিহে আদালতে।

  • Share this:

চিবিআইৰ বিশেষ আদালতে প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙক হত্যা কৰাৰ বাবে ডেৰা সচ্চা সৌডাৰ মুৰব্বী গুৰমিত ৰাম ৰহিমক আজীৱন কাৰাদণ্ড বিহিছে। আজিৰ দিনটোতে হাৰিয়ানাৰ পঞ্চকুলাৰ এখন বিশেষ চিবিআই আদালতে ২০০২ চনৰ গোচৰত ৰাম ৰহিম (Gurmeet Ram Rahim)কে ধৰি বাকী অভিযুক্তসকলৰ শাস্তি ঘোষণা কৰে৷


ৰাম ৰহিমৰ দৰে হত্যাৰ গোচৰত দোষী সাব্যস্ত বাকী চাৰিজনকো আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে৷ উল্লেখ্য, ইতিমধ্যে মহিলা ভক্তক ধৰ্ষণ কৰাৰ বাবে ২০ বছৰৰ কাৰাদণ্ড শাস্তি ভোগ কৰি আছে ধৰ্মগুৰু ৰাম ৰহিমে।


উল্লেখ্য এখন পত্ৰত ৰাম ৰহিমৰ অপকৰ্মসমূহৰ বিষয়ে তেওঁৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। হাৰিয়ানাৰ এজন সাংবাদিক ৰাম চন্দ্ৰ ছত্ৰপতিয়ে পত্ৰখন প্ৰকাশ কৰিছিল৷ কিন্তু আশ্চৰ্যজনৰভাৱে ৰঞ্জিত সিঙৰ দৰে সাংবাদিক ৰাম চন্দ্ৰ ছত্ৰক হত্যা কৰা হৈছিল৷ সাংবাদিকজনৰ হত্যাৰ গোচৰতো ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছে৷


২০০২ চনৰ ২ জুলাইত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত ৰঞ্জিত সিঙক হত্যা কৰা হৈছিল৷ উচ্চ ন্যায়ালয়ে ২০০৩ চনত গোচৰটোৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছিল৷ ৰাম ৰহিমক ২০১৭ চনৰ আগষ্টত তেওঁৰ দুজন শিষ্যক বলাৎকাৰ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল৷ ইয়াৰ পিছতে ৰাম ৰহিমৰ ভক্তসকলে পঞ্চকুলাকে ধৰি হাৰিয়ানাৰ বিভিন্ন স্থানত দাঙ্গা আৰম্ভ কৰে, য'ত ৩৬জন লোক নিহত হয় আৰু ৪০০ৰো অধিক লোক আহত হয়৷

Published by:Gautam Barman
First published: