• Home
  • »
  • News
  • »
  • nation
  • »
  • Ram Mandir Bell: ৰাম মন্দিৰত বাজিব অষ্টধাতুৰে গঢ়া ২১০০ কেজি ওজনৰ বিশাল ঘণ্টা, ২ কিলোমিটাৰলৈ শুনা যাব ঘণ্টাৰ ধ্ৱনি

Ram Mandir Bell: ৰাম মন্দিৰত বাজিব অষ্টধাতুৰে গঢ়া ২১০০ কেজি ওজনৰ বিশাল ঘণ্টা, ২ কিলোমিটাৰলৈ শুনা যাব ঘণ্টাৰ ধ্ৱনি

Image Credit: PTI

Image Credit: PTI

Ram Mandir Bell: ৰাম মন্দিৰৰ ২,১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টাটো অষ্টধাতুৰে নিৰ্মাণ কৰা হৈছে। সোণ, ৰূপ, তাম, দস্তা, সীহ, তীখা, লো, আৰু পাৰা আদি অষ্টধাতুৰ ব্যৱহাৰ কৰা হৈছে।

  • Share this:
অযোধ্যাৰ ৰাম মন্দিৰ (Ram Mandir)ত বাজিব দেশৰ ভিতৰতে এক বৃহৎ আকাৰৰ ঘণ্টা (Ram Mandir Bell)। এই ঘণ্টাৰ ধ্বনিয়েই বহন কৰিব ৰাম মন্দিৰৰ অস্তিত্ব। ইতিমধ্যে এই ঘণ্টাটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। এই বিশালকায় ঘণ্টাটোৰ ওজন হৈছে ২১০০ কিলোগ্ৰাম। এই ঘণ্টাটো ওখই ৬ ফুট আৰু বহলে ৫ ফুট। এইঘণ্টাৰ ধ্ৱনি প্ৰায় ২ কিলোমিটাৰ দূৰত্বলৈ শুনা যাব বুলি জানিব পৰা গৈছে।

উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ জলেছৰ এলকাৰ দৌ দয়াল নামৰ এজন লোকৰ উদ্যোগত শিল্পীৰ এটা দলে নিৰ্মাণ কৰিছে এই বিশালকায় ঘণ্টাটো। ইকনমিক টাইমছৰ এক বাতৰি মতে ইকবাল মিস্ত্ৰী নামৰ এজন লোকে এই ঘণ্টাটোৰ ডিজাইন কৰিছে। এই অঞ্চলৰ লোকসকল, বিশেষকৈ ইছলাম লোকসকল ঘণ্টা নিৰ্মাণৰ বাবে বিখ্যাত বুলি কয় দৌ দয়ালে।

ৰাম মন্দিৰৰ ঘণ্টা (Ram Mandir Bell)টো নিৰ্মাণত ব্যয় হৈছে ২১ লাখৰ অধিক টকা। এইটো হৈছে ভাৰতত তৈয়াৰ কৰা বৰ্তমানলৈ সৰ্ববৃহৎ ঘণ্টা। দৌ দয়ালে কয়, "এই ঘণ্টাটো যেতিয়া ৰাম মন্দিৰত বজোৱা হ’ব তেতিয়া ইয়াৰ ষব্দ প্ৰায় ২ কিলোমিটাৰলৈ শুনা যাব।”

২,১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টাটো অষ্টধাতুৰে নিৰ্মাণ কৰা হৈছে। সোণ, ৰূপ, তাম, দস্তা, সীহ, তীখা, লো, আৰু পাৰা আদি অষ্টধাতুৰ ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে হিন্দু ধৰ্মত এই অষ্টধাতুক অতি পবিত্ৰ আৰু শক্তিশালী বুলি গণ্য কৰা হয়। ঘণ্টাটোৰ নিৰ্মাণৰ কাম ২০২০ চনতেই হৈছে বুলি ও জানিব পৰা গৈছে। বিশাল ঘণ্টাটো ৰাম মন্দিৰত লগোৱাৰ আগে আগে ফাইনেল পলিছৰ কাম কৰা হ'ব। লগতে ঘণ্টাটোৰ যথা ৰীতি পূজনো কৰা হ'ব
Published by:Manjumoni Borah
First published: