• Home
  • »
  • News
  • »
  • nation
  • »
  • Rakesh Tikait On Farm Laws: ‘আন্দোলন এতিয়াই স্তব্ধ নহয়’, প্ৰধানমন্ত্ৰীয়ে কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া ৰাকেশ টিকাইতৰ

Rakesh Tikait On Farm Laws: ‘আন্দোলন এতিয়াই স্তব্ধ নহয়’, প্ৰধানমন্ত্ৰীয়ে কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া ৰাকেশ টিকাইতৰ

কৃষক আন্দোলনৰ নেতাগৰাকীৰ স্পষ্ট মত, ‘আন্দোলন এতিয়াই স্তব্ধ নহয়, আমি সেই দিনটোলৈ অপেক্ষা কৰিম যিদিনা সংসদত কৃষি আইন বাতিল হ’ব।

কৃষক আন্দোলনৰ নেতাগৰাকীৰ স্পষ্ট মত, ‘আন্দোলন এতিয়াই স্তব্ধ নহয়, আমি সেই দিনটোলৈ অপেক্ষা কৰিম যিদিনা সংসদত কৃষি আইন বাতিল হ’ব।

কৃষক আন্দোলনৰ নেতাগৰাকীৰ স্পষ্ট মত, ‘আন্দোলন এতিয়াই স্তব্ধ নহয়, আমি সেই দিনটোলৈ অপেক্ষা কৰিম যিদিনা সংসদত কৃষি আইন বাতিল হ’ব।

  • Share this:
অৱশেষত বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰ (Rakesh Tikait On Farm Law Repeal) কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। বিগত প্ৰায় এবছৰ ধৰি এই তিনিখন কৃষি আইনক লৈ আন্দোলন চলাই আহিছিল কৃষকসকলে।

শুকুৰবাৰে দেশবাসীক উদ্দেশ্যি ৰখা ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে এই তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ কৰাৰ ঘোষণা কৰে। ইয়াৰ পিছতে কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকাইতে এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি স্পষ্ট কৰি জনাই দিছে যে সংসদত যেতিয়ালৈ এই আইন বাতিল নহয়, তেতিয়ালৈ আন্দোলন স্তব্ধ নহয় তেওঁলোকৰ।


INDIA NEWS IN ASSAMESE

কৃষক আন্দোলনৰ নেতাগৰাকীৰ স্পষ্ট মত, ‘আন্দোলন এতিয়াই স্তব্ধ নহয়, আমি সেই দিনটোলৈ অপেক্ষা কৰিম যিদিনা সংসদত কৃষি আইন বাতিল হ’ব। কৃষকসকলৰ অন্যান্য সমস্যাৰ লগতে ন্যূনতম সমৰ্থিত মূল্য (MSP)ক লৈও আলোচনা কৰক।’ প্ৰধানমন্ত্ৰীৰ কৃষি আইন বাতিলৰ ঘোষণাৰ পিছতে টুইট কৰি এই মত প্ৰকাশ কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতে। লগতে ছচিয়েল মিডিয়া প্লেটফৰ্ম কুতো এই মন্তব্য প্ৰকাশ কৰিছে টিকাইতে। কাগজে–কলমে এই আইন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত নিশ্চিত হ’ব পৰা নাই কৃষকসকল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি