• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ প্ৰখ্যাত ব্যক্তি ৰাকেশ ঝুনঝুনৱালাৰ ৬২ বছৰ বয়সত দেহাৱসান

ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ প্ৰখ্যাত ব্যক্তি ৰাকেশ ঝুনঝুনৱালাৰ ৬২ বছৰ বয়সত দেহাৱসান

ৰাকেশ ঝুনঝুনৱালা মুম্বাইৰ ব্ৰীচ কেনডী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল য’ত তেখেতে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে।

ৰাকেশ ঝুনঝুনৱালা মুম্বাইৰ ব্ৰীচ কেনডী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল য’ত তেখেতে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে।

ৰাকেশ ঝুনঝুনৱালা মুম্বাইৰ ব্ৰীচ কেনডী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল য’ত তেখেতে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে।

  • Share this:
ভাৰতৰ শ্বেয়াৰ মাৰ্কেট তথা অংশীদাৰী বজাৰৰ প্ৰখ্যাত ব্যক্তি ৰাকেশ ঝুনঝুনৱালাৰ ৬২ বছৰ বয়সত দেহাৱসান ঘটে। জানিব পৰা মতে, তেখেত মুম্বাইৰ ব্ৰীচ কেনডী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল য’ত তেখেতে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে। এক সূত্ৰ অনুসৰি, ৰাকেশ ঝুনঝুনৱালাক ৰাতিপুৱা প্ৰায় ৬ বাজি ৪৫ মিনিটত চিকিৎসালয়লৈ নিয়া হৈছিল য’ত তেখেতক মৃত বুলি ঘোষণা কৰা হয়।

ইতিমধ্যে, ঝুনঝুনৱালাই বহু স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল আৰু তেখেতক শেষবাৰৰ বাবে এসপ্তাহৰ পূৰ্বে আকাশা এয়াৰৰ শুভাৰম্ভণি অনুষ্ঠানত দেখা পোৱা গৈছিল। উল্লেখনীয় যে, তেখেতৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।





মনকৰিবলগীয়া কথা যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাকেশ ঝুনঝুনৱালাৰ নিধনত নিজৰ শোক প্ৰকাশ কৰিছে। তেখেতে টুইটাৰত এক টুইটযোগে কয় যে, ৰাকেশ ঝুনঝুনৱালাৰ হৃদয়বান, হাস্যৰসিক আছিল। তেখেত অৰ্থনৈতিক বিশ্বখনত নিজৰ এক গভীৰ চাঁপ এৰি গৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখে উক্ত টুইটটোত। লগতে, ঝুনঝুনৱালাৰ মৃত্যু দুখদায়ক বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঝুনঝুনৱালাৰ পৰিয়াল আৰু প্ৰসংশকসকলৰ প্ৰতি নিজৰ সংবেদনা আছে বুলি কয়।
Published by:Sanjay Kumar Das
First published: