ৰাজ্যসভাত গৃহীত হ’ল UAPA সংশোধনী বিধেয়ক,দেশৰ বাবে কিয় প্ৰয়োজন বিলখন?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ এই ‘Unlawful Activities (Prevention) Amendment Bill’ অৰ্থাৎ অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ সংশোধনী বিধেয়ক,২০১৯ অত্যন্ত প্ৰযোজনীয় বুলি দাবী কৰে।

News18-Assam
Updated:August 2, 2019, 5:20 PM IST
ৰাজ্যসভাত গৃহীত হ’ল UAPA সংশোধনী বিধেয়ক,দেশৰ বাবে কিয় প্ৰয়োজন বিলখন?
Source- Rajya Sabha TV
News18-Assam
Updated: August 2, 2019, 5:20 PM IST
শুকুৰবাৰে ৰাজ্যসভাত গৃহীত হ’ল অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ সংশোধনী বিধেয়ক,২০১৯। বিলখন গৃহীত হোৱাৰ আগত ৰাজ্যসভাত চৰকাৰী আৰু বিৰোধী পক্ষৰ মাজত সৃষ্টি হয় যথেষ্ট তৰ্কা–তৰ্কিৰ। লোকসভাত যোৱা ২৪ জুলাই তাৰিখে গৃহীত হৈছিল বিধেয়ক খন।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ এই ‘Unlawful Activities (Prevention) Amendment Bill’ অৰ্থাৎ অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ সংশোধনী বিধেয়ক,২০১৯ অত্যন্ত প্ৰযোজনীয় বুলি দাবী কৰে।বিলখনৰ সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লগতে কয় যে লগতে কয় যে বৰ্তমান সময়ত দেশৰ কল্যানৰ বাবে সন্ত্ৰাসবাদ নিৰ্মূল কৰাতো জৰুৰী। এই বিধেয়ক খনত  সন্ত্ৰাসবাদী সংগঠনক সহায় কৰা লোককো সন্ত্ৰাসবাদী হিচাপে গণ্য কৰাৰ কথা উল্লেখ আছে। UAPA বিল অনুসৰি যি ব্যক্তিক সন্ত্ৰীসবাদী ঘোষণা কৰা হ’ব, তেওঁৰ সম্পত্তি জব্দ কৰা হ’ব।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অত্যন্ত জৰুৰী এইখন বিল

শুক্ৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ কাৰ্যকলাপ  প্ৰতিৰোধ সংশোধনী বিধেয়ক,২০১৯ সম্পৰ্কত ৰাজ্যসভাত উত্তৰ দিয়ে। শ্বাহে কয় যে এই বিলখনৰ প্ৰধান উদ্দেশ্যই হ’ল সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰা।

অমিত শ্বাহে সদনত কয় যে,  ’যেতিয়া আমি বিৰোধীৰ আসনত আছিলো, তেতিয়া আমি UAPA সংশোধন কৰাৰ পক্ষত আছিলো। কাৰণ আমি বিশ্বাস কৰো যে দেশৰ প্ৰতিজন ব্যক্তিয়েই সন্ত্ৰাসবাদৰ বিৰুদ্ধে অতি কঠোৰ ভাবে থিয় হ’ব লাগে। সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, তেওঁলোক মানৱতা বিৰোধী। কোনো চৰকাৰ বা ব্যক্তি বিশেষৰ বিৰোধী নহয়।’

NIA ক  প্ৰশংসা অমিত শ্বাহৰ

শ্বাহে সদনত কয় যে ৩১ জুলাই ২০১৯ লৈকে NIA–এ সৰ্বমুঠ ২৬৭ টা গোচৰ ৰেজিষ্টাৰ কৰিছে। ২০৪ টা গোচৰৰ অভিযোগ নামা দাখিল কৰিছে আৰু ৫৪ টা গোচৰৰ এতিয়া প্ৰায় নিষ্পত্তি হোৱাৰ পথত। ৫৪ টাৰে ৪৮ টা গোচৰত দোষীক শাস্তি প্ৰদান কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি