জম্মু–কাশ্মীৰ : অনুচ্ছেদ–৩৭০ আঁতৰাই দুই কেন্দ্ৰীয়শাসিত অঞ্চল গঠনক লৈ আজি লোকসভাত ভোটিং

বিৰোধীৰ আশংকা খাৰিজ কৰি অমিত শ্বাহে কয় – একো নহয়, জম্মু–কাশ্মীৰ ভূ–স্বৰ্গ আছিল আৰু থাকিব।

News18-Assam
Updated:August 6, 2019, 7:41 AM IST
জম্মু–কাশ্মীৰ : অনুচ্ছেদ–৩৭০ আঁতৰাই দুই কেন্দ্ৰীয়শাসিত অঞ্চল গঠনক লৈ আজি লোকসভাত ভোটিং
বিৰোধীৰ আশংকা খাৰিজ কৰি অমিত শ্বাহে কয় – একো নহয়, জম্মু–কাশ্মীৰ ভূ–স্বৰ্গ আছিল আৰু থাকিব।
News18-Assam
Updated: August 6, 2019, 7:41 AM IST
ৰাজ্যসভাত জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ–৩৭০ আঁতৰাই দুই কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰা বিধেয়ক সোমবাৰে গৃহীত হয় ৰাজ্যসভাত। এতিয়া আজি এই বিধেয়কক লৈ লোকসভাত অনুষ্ঠিত হ’ব ভোটিং। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাজ্যখনত দৰিদ্ৰতাৰ প্ৰধান কাৰণ আছিল অনুচ্ছেদ–৩৭০। ইয়াৰ বাবে ৰাজ্যখনত উন্নয়ন হোৱা নাছিল। বিৰোধীৰ আশংকা খাৰিজ কৰি অমিত শ্বাহে কয় – একো নহয়, জম্মু–কাশ্মীৰ ভূ–স্বৰ্গ আছিল আৰু থাকিব।

জম্মু–কাশ্মীৰক উন্নত ৰাজ্য হিচাপে গঢ়িব কেন্দ্ৰই
অমিত শ্বাহে কয় যে পৰিস্থিতিৰ উন্নতি ঘটিলে আৰু সঠিক সময় আহিলে জম্মু–কাশ্মীৰক পুনৰ পূৰ্ণৰাজ্য কৰা হ’ব। গৃহমন্ত্ৰীৰ মতে, অনুচ্ছেদ–৩৭০ ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা। এনডিএ চৰকাৰ জম্মু–কাশ্মীৰক দেশৰ ভিতৰতে আটাইতকৈ উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে বদ্ধপৰিকৰ। অনুচ্ছেদ–৩৭০ আৰু ৩৫এ আঁতৰ নকৰাকৈ সন্ত্ৰাসবাদ নিঃশেষ কৰাটো সম্ভৱ নহয়।

৭০ বছৰত তিনি পৰিয়ালৰ শাসনৰ বাবে বৃদ্ধি ভ্ৰষ্টাচাৰ
গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সংবিধানৰ দুটা অনুচ্ছেদৰ কাৰণে জম্মু–কাশ্মীৰে বিশেষ ৰাজ্যৰ মৰ্যাদা পাইছিল। লগতে তাত ভাৰতীয় আইন কাৰ্যকৰী হোৱা নাছিল। যাৰ ফলত ৰাজ্যখনৰ বিকাশ হোৱা নাছিল আৰু ভ্ৰষ্টাচাৰ বৃদ্ধি পাইছিল। ৭০ বছৰ ধৰি ৰাজ্যখনত আছিল তিনিটা পৰিয়ালৰ শাসন। অনুচ্ছেদ–৩৭০–এ ৰাজ্যখন ধ্বংস কৰি পেলাইছে। ৰাজ্যখনৰ দৰিদ্ৰতাৰ মূল কাৰণ হ’ল অনুচ্ছেদ–৩৭০।

জম্মু–কাশ্মীৰত কাৰ্যকৰী হোৱা নাছিল শিক্ষাৰ অধিকাৰ
গৃহমন্ত্ৰীয়ে কয় যে ভূমি ক্ৰয়ৰ অধিকাৰ নথকাৰ বাবে ৰাজ্যখনত পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব পোৱা নাছিল। এই অনুচ্ছেদৰ বাবেই ৰাজ্যখনত উদ্যোগ স্থাপন হোৱা নাছিল, স্বাস্থ্য সেৱাৰ অৱস্থা অতি শোচনীয়। শিক্ষাৰ ক্ষেত্ৰতো একেই অৱস্থা। কাশ্মীৰত শিক্ষাৰ অধিকাৰ কাৰ্যকৰী হোৱা নাছিল। এই অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু–কাশ্মীৰ ভাৰতৰ অভিন্ন অংশ হৈ পৰিব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি