কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ অৱদান, ১ কোটি ৫০ লাখ টকা আগবঢ়ালে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

News18 Assam | News18-Assam
Updated:March 30, 2020, 10:04 AM IST
কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ অৱদান, ১ কোটি ৫০ লাখ টকা আগবঢ়ালে সাংসদ কামাখ্যা প্ৰসাদ তাছাই
কেইবাজনো বলীউদৰ তাৰকাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোক তথা জনসাধাৰণেও পাৰ্যমানে সাহায্য আগবঢ়াইছে এই যুঁজখনলৈ।

কেইবাজনো বলীউদৰ তাৰকাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোক তথা জনসাধাৰণেও পাৰ্যমানে সাহায্য আগবঢ়াইছে এই যুঁজখনলৈ।

  • Share this:
সমগ্ৰ দেশত কোৰোণাৰ বিৰুদ্ধে চলি থকা যুজঁখনত এইবাৰ অৱদান আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। কোৰোণা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ দেশত আৰম্ভ হোৱা যুজঁখনলৈ ১ কোটি ৫০ লাখ টকাৰ অৱদান আগবঢ়ালে বিজেপি সাংসদজনে। তেওঁৰ নিজৰ MPLAD পুঁজিৰ পৰা ১ কোটি প্ৰদান কৰিলে কোৰোণাৰ বিৰূদ্ধে চলি থকা যুজঁখনলৈ। লগতে MPLAD পুঁজিৰ ৫০ লাখ টকা প্ৰদান কৰিলে অসম আৰোগ্য নিধিলৈ।আনহাতে, বিজেপি সাংসদজনে  ১ লাখ টকা প্ৰদান কৰিলে PM Relief Fund Assamলৈ।

উল্লেখযোগ্য যে কোৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজিছে সমগ্ৰ দেশে। এনে সময়ত এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চলি থকা যুঁজখনলৈ সাহায্য আগবঢ়াইছে বিভিন্নজনে। কেইবাজনো বলীউদৰ তাৰকাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোক তথা জনসাধাৰণেও পাৰ্যমানে সাহায্য আগবঢ়াইছে এই যুঁজখনলৈ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading