• Home
  • »
  • News
  • »
  • nation
  • »
  • Raju Srivastva Death : ৰাজু শ্ৰীবাস্তৱে ৯বাৰ লগাইছিল ষ্টেণ্ট, ৩বাৰ হৈছিল এঞ্জিঅ’প্লাষ্টী

Raju Srivastva Death : ৰাজু শ্ৰীবাস্তৱে ৯বাৰ লগাইছিল ষ্টেণ্ট, ৩বাৰ হৈছিল এঞ্জিঅ’প্লাষ্টী

হাৰ্টৰ ৰোগী হোৱা বাবে কমেডিয়ানগৰাকীৰ পূৰ্বে দুবাৰ এঞ্জিঅ’প্লাষ্টীও কৰা হৈছিল। অৰ্তাৎ ১০ আগষ্টত তৃতীয়বাৰ কমেডিয়ানগৰাকীৰ এঞ্জিঅ’প্লাষ্টী হৈছিল।

  • Share this:
জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱক হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত ১০ আগষ্টত দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ৪১ দিন হাস্পতালত থকাৰ পিছত অকাল মৃত্যুক সাবটি ল’লে জনপ্ৰিয় কমেডিয়ানজনে। হাস্পতালত ভৰ্তি হোৱাৰ পিছতে ৰাজু শ্ৰীবাস্তৱৰ এম আৰ আই ৰিপ’ৰ্ট প্ৰকাশ পাইছিল, য’ত চিকিৎসকে এটা চাঞ্চল্যকৰ কথা জানিব পাৰিছিল যে এম আৰ আই ৰিপ’ৰ্টত চিকিৎসকে তেওঁৰ মগজুৰ স্নায়ুত চাপ পৰিছিল।

কমেডিয়ানগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসকে পৰিয়ালক জনাইছিল যে তেওঁ সুস্থ হ’বলৈ ১০ দিনৰো অধিক সময় লাগিব পাৰে। এই কথা জনাইছিল ৰাজু শ্ৰীবাস্তৱৰ ভাতৃ দীপুৱে। কিন্তু ৰাজু শ্ৰীবাস্তৱে অন্তিম উশাহলৈ হাস্পতালৰ বিচনাতে থাকিবলগীয়া হ’ল, সুস্থ হৈ নুঠিল।

উল্লেখযোগ্য যে কমেডিয়ানগৰাকীয়ে পূৰ্বেও ৯বাৰ লগাইছিল ষ্টেণ্ট। এঞ্জিঅ’গ্ৰাফীত চিকিৎসকে পাইছিল যে কমেডিয়ানগৰাকীৰ হাৰ্টৰ এক বৃহৎ অংশত ১০০ শতাংশ ব্লকেজ আছে। মিডিয়া ৰিপ’ৰ্টত কোৱা হৈছে যে ৰাজু পূৰ্বৰে পৰা হাৰ্টৰ ৰোগী আছিল।

হাৰ্টৰ ৰোগী হোৱা বাবে কমেডিয়ানগৰাকীৰ পূৰ্বে দুবাৰ এঞ্জিঅ’প্লাষ্টীও কৰা হৈছিল। অৰ্তাৎ ১০ আগষ্টত তৃতীয়বাৰ কমেডিয়ানগৰাকীৰ এঞ্জিঅ’প্লাষ্টী হৈছিল। ৰাজু শ্ৰীবাস্তৱ ৪১দিন ভেণ্টিলেটৰত আছিল আৰু প্ৰতি মুহূৰ্ততে মনিটৰ কৰা হৈছিল।
Published by:Sanjay Kumar Das
First published: