• Home
  • »
  • News
  • »
  • nation
  • »
  • কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যু; তেওঁৰ জীৱনৰ বিষয়ে কিছু কথা জানো আহক

কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যু; তেওঁৰ জীৱনৰ বিষয়ে কিছু কথা জানো আহক

এসময়ত কমিক টাইমিং আৰু অভিনয় দক্ষতাৰ বাবে ৰাজু শ্ৰীবাস্তৱ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা কৌতুক অভিনেতা আছিল।

এসময়ত কমিক টাইমিং আৰু অভিনয় দক্ষতাৰ বাবে ৰাজু শ্ৰীবাস্তৱ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা কৌতুক অভিনেতা আছিল।

এসময়ত কমিক টাইমিং আৰু অভিনয় দক্ষতাৰ বাবে ৰাজু শ্ৰীবাস্তৱ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা কৌতুক অভিনেতা আছিল।

  • Share this:
ৰাজু শ্ৰীবাস্তৱ ভাৰতৰ এজন আগশাৰীৰ কমেডিয়ান আছিল। তেওঁ নিজৰ কৌতুকেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।


তেওঁৰ জন্ম ১৯৬৩ চনৰ ২৫ ডিচেম্বৰত কানপুৰৰ এটা মধ্যবিত্ত পৰিয়ালত হৈছিল। ৰাজুৰ দেউতাক ৰমেশ চন্দ্ৰ শ্ৰীবাস্তৱ এজন কবি আছিল আৰু তেওঁ বালাই কাকা বুলি খ্যাত আছিল।


১৯৮০ চনত তেওঁ লিজৰ কেৰিয়াৰ কমেডিৰ জৰিয়তে আৰম্ভ কৰে। তেওঁ সেইসময়ত ষ্টেণ্ডআপ কমেডি আৰম্ভ কৰিছিল যিটো সময়ত ইয়াৰ প্ৰচাৰ বহু বেছি নাছিল। ৰাজুৱে কাণপুৰৰ পৰা কমেজি কৰিবলৈ মুম্বাইলৈ আহিছিল।




ৰাজুৱে প্ৰাৰম্ভিক অৱস্থাত অমিতাভ বচ্চনৰ ৰূপেৰে কমেডি কৰি কমেডি জগতত ক্যাতি লাভ কৰে। ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ত ভাগ লোৱাৰ আগতে তেওঁ কমেডি চাৰ্কেত বুলি জনাজাত আছিল।


‘গজোধৰ’ বুলি খ্যাত ৰাজু শ্ৰীবাস্তৱক মৰমেৰে সকলোৱে ৰাজু বুলি সম্বোধন কৰে। তেওঁৰ নাম সত্য প্ৰকাশ শ্ৰীবাস্তৱ আছিল।


তেওঁ বিখ্যাত ৰিয়েলিটি শ্ব’ ‘বিগ বছ (চিজন৩)’ ত অংশগ্ৰহণ কৰিছিল। ইয়াৰেপৰি তেওঁক ‘স্বচ্ছ ভাৰত অভিযান’ৰ উত্তৰ প্ৰদেশৰ অংশ হ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনীত কৰিছিল। তেওঁ film development council, উত্তৰ প্ৰদেশৰ অধ্যক্ষ আছিল।


‘গজোধৰ’ খ্যাত ৰাজুৱে বিভিন্ন বলীউদ ছবিত অভিনয় কৰিছিল। ৰাজুৱে ‘বাজিগৰ’, ‘মেইনে পেয়াৰ কিয়া’, ‘মে প্ৰেম কি দিৱানী হুঁ’, ‘বম্ৰবে টু গোৱা’ আৰু ‘আমদানি আট্ঠানি’ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছিল।


ভাৰতৰ প্ৰখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ ২১ ছেপ্তেম্বৰ, ২০২২ চনত মৃত্যু হয়। আজি ৰাতিপুৱা ১০ বাজি ২০ মিনিটত পত্নী আৰু সন্তানক অকলশৰীকৈ এৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় লৈ চিৰদিনৰ বাবে আতঁৰি যায় ৰাজু শ্ৰীবাস্তৱ।
Published by:Sehnaz Begum
First published: