মুখ্যপৃষ্ঠা »খবৰ »দেশ »Rajnath Singh : চীন আৰু ভাৰতীয় সৈন্যৰ সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Rajnath Singh : চীন আৰু ভাৰতীয় সৈন্যৰ সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উদ্বোধন কৰা এই দলংখনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সুদূৰ অঞ্চলত সৈন্য নিয়োগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উদ্বোধন কৰা এই দলংখনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সুদূৰ অঞ্চলত সৈন্য নিয়োগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উদ্বোধন কৰা এই দলংখনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সুদূৰ অঞ্চলত সৈন্য নিয়োগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

  • Share this:

অৰুণাচলৰ টাৱাং ছেক্টৰত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত আজি মঙলবাৰে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ ছিয়াং জিলা ভ্ৰমণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। জিলাখনত উপস্থিত হোৱাৰ পিছত ৰাজনাথ সিঙে সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ২৭টা আন্তঃগাঁথনিগত প্ৰকল্পৰ লগতে ছিয়ম দলংখন উদ্বোধন কৰে। BROই নিৰ্মাণ কৰা এই দলঙে অলং-য়িকিয়ং সংযোগ কৰিব।


প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ভাষণত কোনো দেশৰ নাম নোলোৱাকৈয়ে বসুধৈৱ কুটুম্বকমৰ বাৰ্তা ভাৰতৰ ভূমিৰ পৰাই গ’ল বুলি ইংগিতেৰে চীনক বাৰ্তা প্ৰদান কৰে। তেওঁ লগতে কয় যে ভাৰত শান্তিৰ উপাসক হোৱাৰ লগতে শক্তিৰো উপাসক। তেওঁ কয় যে পৃথিৱীত প্ৰতিদিনে কোনো নহয় কোনোধৰণৰ সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু ভাৰতে সদায় যুদ্ধৰ বিৰুদ্ধে কৈ আহিছে, আৰু এইটোৱেই ভাৰতৰ নীতি হৈ আহিছে।


ইয়াৰ পিছতে সিঙে চীনক সকীয়নি দি কয়- ''আমি যুদ্ধত বিশ্বাস নকৰোঁ। কিন্তু যদি আমাৰ ওপৰত যুদ্ধ জাপি দিয়া হয়, তেন্তে আমি যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু।''

তেওঁ লগতে উল্লেখ কৰে- আমাৰ পূব দিশ যিমানেই শক্তিশালী হ’ব সিমানেই আমাৰ গোটেই দেশখন শক্তিশালী হ’ব। উত্তৰ-পূব অঞ্চল কেৱল আমাৰ দেশৰ সামগ্ৰিক উন্নয়নৰ বাবেই নহয়, পূব এছিয়াৰ সৈতে আমাৰ পুনৰ্গঠন, বাণিজ্য, ভ্ৰমণ আৰু পৰ্যটনৰ দুৱাৰমুখ বুলি আমি বিশ্বাস কৰোঁ। আমাৰ দেশৰ এই পূব অংশ যিমানেই শক্তিশালী হ’ব সিমানেই আমাৰ সমগ্ৰ দেশ শক্তিশালী হ’ব।


উল্লেখ্য, আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উদ্বোধন কৰা এই দলংখনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সুদূৰ অঞ্চলত সৈন্য নিয়োগ কৰাৰ ক্ষেত্ৰত সামৰিক সুবিধা প্ৰদান কৰাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। ছয়ম নদীৰ ওপৰেৰে নিৰ্মাণ কৰা এই দলংখন ১০০ মিটাৰ দৈৰ্ঘ্যৰ। এই দলংখনে স্থানীয় ৰাইজৰ চলাচলতো সহায় কৰিব।

শেহতীয়া বাতৰি