உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ৰাজীৱ গান্ধীৰ হত্যাৰ দোষী নলিনী শ্ৰীহৰণে জে’লৰ ভিতৰতে কৰিলে প্ৰাণ দিয়াৰ চেষ্টা, পোহৰলৈ এইটো কাৰণ

    ৰাজীৱ গান্ধীৰ হত্যাৰ দোষী নলিনী শ্ৰীহৰণে জে’লৰ ভিতৰতে কৰিলে প্ৰাণ দিয়াৰ চেষ্টা, পোহৰলৈ এইটো কাৰণ

    ফাইল ফটো

    ফাইল ফটো

    যোৱা ২৯বছৰে ভেল্লৰ জে’লত কাৰাবাস খাটি থকা নলিনী শ্ৰীহৰণে অন্য কয়দীৰ সৈতে হোৱা কাজিয়াৰ কাৰণেই আত্মহত্যাৰ চেষ্টা কৰাৰ কথা পোহৰলৈ আহিছে। 

    • Share this:
    দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ হত্যাৰ দোষী নলিনী শ্ৰীহৰণে জে’লৰ ভিতৰতে আত্মহত্যাৰ অপচেষ্টা চলায়। জে’লৰ গাৰ্ডজনে অন্তিম মুহূৰ্তত তেওঁক ৰক্ষা কৰে। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় আৰু বৰ্তমান অৱস্থা সুস্থিৰ বুলি প্ৰকাশ। কেনেকৈ তেওঁ প্ৰাণ দিয়াৰ চেষ্টা কৰিছিল সেয়া এতিয়াও জানিব পৰা নাই।
    উল্লেখ্য যে, ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত নলিনী শ্ৰীহৰণে ভেল্ল’ৰত আজীৱন কাৰাবাস খাটি আছে। ২৯বছৰৰ পৰা তেওঁ জে’লতে আছে।

    ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত খবৰ মতে, নলিনীৰ অধিবক্তা পুংগলেতিয়ে জনায় যে পুৱা নলিনীৰ সৈতে জে’লত থকা মহিলা কয়দীৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। ইয়াৰ পিছতে তেওঁ এই কাম কৰে।

    নলিনীৰ স্বামী মুৰুগানে তেওঁক দ্বিতীয়খন জে’ললৈ ট্ৰান্সফাৰ কৰাৰ দাবী কৰিছে। তেওঁৰ মতে নলিনীৰ জীৱনলৈ ভাবুকি আহিব পাৰে এনেকৈ। ২০১৯চনত নলিনীয়ে পুত্ৰৰ বিয়াৰ কাৰণে এমাহৰ পেৰ’ল লাভ কৰিছিল।

    ২১মে’, ১৯৯১চনত তামিলনাডুৰ শ্ৰীপেৰাম্বুডুৰত হোৱা এক বিস্ফোৰণত ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল। শ্ৰীলংকাত ৰচা হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰীজনক হত্যাৰ পৰিকল্পনা। ১৯৯০চনত এই ষড়যন্ত্ৰ কৰা এলটিটিই প্ৰমুখ প্ৰভাকৰণ তেওঁৰ চাৰি সহযোগী বেবী সুব্ৰহ্মনিয়াম, মুথুৰাজা, মুৰুগান আৰু শিৱৰাসন এই কাণ্ডত জৰিত আছিল। নলিনীয়ে ধনু নামৰ সেই ছোৱালীজনী বিচাৰি দিছিল যাক গাত বোমা বান্ধি ৰাজীৱ গান্ধীৰ ওচৰলৈ পঠিয়াব পৰা যায়।

    নলিনীৰ ঘৰতে তাইক সম্পূৰ্ণ অনুশীলন কৰোৱা হৈছিল। ২১মে’ত শ্ৰীপেৰাম্বুডুৰৰ ৰেলীত ধনুৱে ৰাজীৱ গান্ধীক মালা পিন্ধায়, ভৰি চুৱে আৰু বোমা বিস্ফোৰণ সংঘটিত হয়।

    উল্লেখ্য যে, নলিনী হৈছে বিশ্বৰ সৰ্বাধিক সময় জে’লত থকা মহিলা কয়দী। জে’লত থকাৰ সময়চোৱাত তেওঁ তামিল ভাষাত ৫০০পৃষ্ঠাৰ এখন গ্ৰন্থ লিখে। এই গ্ৰন্থখন ২৪নৱেম্বৰ, ২০১৬চনত মুক্তি দিয়া হয়। নলিনীয়ে নিজৰ আত্মকথাত প্ৰিয়ংকা গান্ধীৰ সৈতে হোৱা সাক্ষাতৰ প্ৰসংগও উল্লেখ কৰে।
    First published: