உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ৩১ বছৰ পিছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী, উচ্চতম ন্যায়ালয়ে দিলে নিৰ্দেশ

    ৩১ বছৰ পিছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী, উচ্চতম ন্যায়ালয়ে দিলে নিৰ্দেশ

    পেৰাৰিভালনে বিগত ৩১ বছৰ ধৰি কাৰাবন্দী হৈ আছে। পেৰাৰিভালনে নিজৰ মুক্তিত হোৱা বিলম্বক লৈ উচ্চতম ন্যায়ালয়ত আৰ্জি দাখিল কৰিছিল।

    পেৰাৰিভালনে বিগত ৩১ বছৰ ধৰি কাৰাবন্দী হৈ আছে। পেৰাৰিভালনে নিজৰ মুক্তিত হোৱা বিলম্বক লৈ উচ্চতম ন্যায়ালয়ত আৰ্জি দাখিল কৰিছিল।

    পেৰাৰিভালনে বিগত ৩১ বছৰ ধৰি কাৰাবন্দী হৈ আছে। পেৰাৰিভালনে নিজৰ মুক্তিত হোৱা বিলম্বক লৈ উচ্চতম ন্যায়ালয়ত আৰ্জি দাখিল কৰিছিল।

    • Share this:
    প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এজি পেৰাৰিভালনক উচ্চতম ন্যায়ালয়ে দিলে ৰেহাই। উচ্চতম ন্যায়ালয়ে তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে। পেৰাৰিভালনে বিগত ৩১ বছৰ ধৰি কাৰাবন্দী হৈ আছে। পেৰাৰিভালনে নিজৰ মুক্তিত হোৱা বিলম্বক লৈ উচ্চতম ন্যায়ালয়ত আৰ্জি দাখিল কৰিছিল। ২০১৮ চনত তামিলনাডু চৰকাৰে তেওঁক মুকলি কৰি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ পিছতে এই গোচৰটো আইনী মেৰপেঁচত বন্দী হৈছিল।

    ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গৱাইৰ বিচাৰপীঠে কয় যে তামিলনাডু ৰাজ্যিক কেবিনেটে নিজৰ দৃষ্টিত পেৰাৰিভালনক ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। বিচাৰপীঠে আৰু কয় যে তামিলনাডুৰ ৰাজ্যপালৰ দ্বাৰা সংবিধানৰ ১৬১ অনুচ্ছেদৰ অধীনত তেওঁৰ ক্ষমতা প্ৰয়োগ কৰাত অধিক বিলম্ব ন্যায়িক পৰ্যালোচনা সাপেক্ষে হ'ব পাৰে।

    উল্লেখযোগ্য যে ১৯৯১ চনৰ ২১ মে’ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তামিলনাডুৰ শ্ৰীপেৰম্বুদুৰত এক জনসভাৰ সময়ত হত্যা কৰা হৈছিল। ইয়াৰ পিছত ১১ জুন ১৯৯১ত পেৰাৰিভালনক গ্ৰেপ্তাৰ কৰা হৈছিল।

    মন কৰিবলগীয়া যে পেৰাৰিভালনক ১৯৯৮ চনত টাডা ক’ৰ্টে মৃত্যুৰ ৰায় দিছিল। পিছত এওঁ শাস্তিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। ১৯৯৯ চনত উচ্চতম ন্যায়ালয়ে শাস্তি বাহাল ৰখাৰ নিৰ্দেশ দিছিল।  অৱশ্যে ইয়াৰ পিছত ২০১৪ চনত এই মৃত্যুৰ ৰায়ক আজীৱন কাৰাবাসৰ শাস্তিলৈ সলনি কৰা হৈছিল।
    Published by:Sanjay Kumar Das
    First published: