Rajiv Gandhi Case Convict Perarivalan
কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই জনায়, এই বিষয়টোক লৈ কেৱল কংগ্ৰেছৰ ভিতৰতে নহয়, ভাৰত আৰু ভাৰতীয়ৰ প্ৰতি বিশ্বাসী প্ৰতিগৰাকী নাগৰিকৰ মনত দুখ আৰু ক্ষোভ জন্মিছে।
ৰাজীৱ গান্ধীৰ হত্যাকাৰী মুক্তি দিয়াটো চৰকাৰৰ ‘সস্তীয়া ৰাজনীতি’! এই মন্তব্য কৰিছে কংগ্ৰেছে। বুধবাৰে ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ দোষী এ জি পেৰাৰিভালানৰ মুক্তিক লৈ গভীৰ হতাশা প্ৰকাশ কৰি দলটোৱে জনাইছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ হত্যাকাৰীক মুক্তি দিয়াৰ বাবে আদালতত প্ৰভাৱ খটুৱাইছে কেন্দ্ৰীয় চৰকাৰে। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই জনায়, এই বিষয়টোক লৈ কেৱল কংগ্ৰেছৰ ভিতৰতে নহয়, ভাৰত আৰু ভাৰতীয়ৰ প্ৰতি বিশ্বাসী প্ৰতিগৰাকী নাগৰিকৰ মনত দুখ আৰু ক্ষোভ জন্মিছে।
‘‘এজন সন্ত্ৰাসবাদীক সন্ত্ৰাসবাদী হিচাপেই বিবেচনা কৰা উচিত। আজি ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুক্তি দিয়াৰ নিৰ্দেশ দিয়াৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তত আমি ব্যথিত আৰু হতাশ’’, ক’লে ৰণদীপ সুৰজেৱালাই।
‘‘আজি দেশৰ বাবে দুখৰ দিন। কেৱল কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মীৰ মাজতে নহয়, প্ৰতিজন ভাৰতীয়ৰ মাজত, যিসকলে ভাৰত আৰু ভাৰতীয়ৰ প্ৰতি বিশ্বাসী বিশ্বাস কৰে, যিসকলে চৰমপন্থাৰ বিৰুদ্ধে যুঁজ দিয়াত বিশ্বাস কৰে তেওঁলোকৰ মনৰ মাজতো দুখ আৰু ক্ষোভৰ জন্ম হৈছে’’, ক’লে সুৰজেৱালাই। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত লক্ষাধিক আচামীক এইদৰে মুক্তি দিয়া উচিত হয়নে নহয় তাক লৈ প্ৰশ্ন উত্থাপন কৰে তেওঁ।
তেওঁ কয়, বিষয়টো কেৱল ৰাজীৱ গান্ধীৰ সৈতে সম্পৰ্কিত নহয়, এজন প্ৰধানমন্ত্ৰীক হত্যা কৰাহৈছিল – এয়া গুৰুত্বপূৰ্ণ। তেওঁ কয়, এই নিৰ্দেশ দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিজন লোকক আঘাত কৰা হৈছে। ‘‘ৰাজীৱ গান্ধীয়ে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল, কংগ্ৰেছ বাবে নহয় আৰু আজিৰ চৰকাৰে যদি সস্তীয়া ৰাজনীতিৰ বাবে তেওঁৰ হত্যাকাৰীক মুক্তি দিয়াৰ বাবে আদালতক প্ৰভাৱিত কৰে, এয়া অতি দুখজনক আৰু নিন্দনীয়।’’ – মন্তব্য সুৰজেৱালাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|