নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ বিক্ষোভৰ পৰিৱেশ। বিভিন্ন ঠাইত প্ৰতিবাদৰ মাজত হিংসাই চৰম ৰূপ লৈছে। হিংস্ৰ জনতাই ক’ৰবাত জুই লগাইছে ক’ৰবাত মাৰপিট কৰিছে। CAA বিৰোধী জুই ছচিয়েল মিডিয়াতো বাৰুকৈ বিয়পি পৰিছে। ফিল্ম ইণ্ডাষ্ট্ৰিৰ বহুতেই CAA ক লৈ নিজৰ মত দিছে, ইয়াৰ মাজতে বৰ্তমান ৰাজনীতিৰ সৈতেও জৰিত দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ৰজনীকান্তেও CAAৰ প্ৰতিবাদক লৈ নিজৰ মনোভাৱ প্ৰকাশ কৰিলে। এই মন্তব্যৰ কাৰণে ৰজনীকান্ত বেয়াকৈ ট্ৰ’ল হৈছে।
তামিল ভাষাত ৰজনীকান্তে টুইটাৰত নিজৰ মনোভাৱ প্ৰকাশ কৰিছে। তেওঁ CAA বিৰোধী বিক্ষোভত সংঘটিত হিংসাক লৈ খেদ প্ৰকাশ কৰে। তেওঁ লিখে– হিংসাত্মক ঘটনাৱলীয়ে মোক বৰ আঘাত দিছে। হিংসা আৰু সংঘৰ্ষই কোনো সমস্যাৰ সমাধান নানে। মই ভাৰতবাসীক আহ্বান জনাও যে একগোট হৈ ভাৰতৰ সুৰক্ষা আৰু হিতৰ ক্ষেত্ৰত মন দিয়ক।
এই টুইট এটা বিশেষ চামে পচন্দ নকৰিলে আৰু ট্ৰ’ল কৰা আৰম্ভ কৰি দিলে। টুইটাৰত #ShameOnYouSanghiRajini হেচটেগ ট্ৰেণ্ড হ’বলৈ ধরে। অৱশ্যে ইয়াৰ পিছত বহুতেই ৰজনীকান্তৰ শান্তিৰ আহ্বানক সমৰ্থন জনায় আৰু বহুতেই IStandWithRajinikanth হেচটেগ কৰি ট্ৰ’লৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰে। এইসকল লোকে ৰজনীকান্তে হিংসাৰ বিৰুদ্ধে কথা কোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে।
![]()
ছচিয়েল মিডিয়াত ৰজনীকান্তক লৈ মানুহে এনেকৈ লিখে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|