অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী আজিৰ যুগৰ কৃষ্ণ–অৰ্জুন!

ভাৰতীয় সংবিধানৰ পৰা ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাত সুখী দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত

News18-Assam
Updated:August 11, 2019, 4:32 PM IST
অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী আজিৰ যুগৰ কৃষ্ণ–অৰ্জুন!
Source-Google
News18-Assam
Updated: August 11, 2019, 4:32 PM IST
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ যুটি ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ দৰে! জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক সমৰ্থন কৰি এনেদৰে মন্তব্য কৰিছে দক্ষিণৰ ছবিৰ ছুপাৰষ্টাৰ ৰজনীকান্তে।



চেন্নাইত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকি ৰজনীকান্তই ভাৰতীয় সংবিধানৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক আদৰণী জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক প্ৰশংসা কৰি ৰজনীকান্তই কয় যে, ‘ গৃহমন্ত্ৰী মহোদয়ে মিছন কাশ্মীৰৰ সপোন পূৰ্ণ কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছো। আপুনি যি দৰে দীৰ্ঘদিনীয়া সপোন সঁচা কৰিলে, ই সঁচাকৈয়ে আকৰ্ষণীয়। বিশেষ কৈ আপুনি যিদৰে সংসদত ভাষণ দিলে, সেয়া অত্যন্ত জবৰদস্ত’।
আৰু চাওক পৰৱৰ্তী বাতৰি