যুৱতীৰ সৈতে Tiktok কৰি বিপদত যুৱক, যুৱতীৰ ককায়েকে উলংগ কৰি কৰিলে প্ৰহাৰ, নিৰ্মাণ কৰিলে ভিডিঅ’

News18 Assam | News18-Assam
Updated:February 10, 2020, 6:07 PM IST
যুৱতীৰ সৈতে Tiktok কৰি বিপদত যুৱক, যুৱতীৰ ককায়েকে উলংগ কৰি কৰিলে প্ৰহাৰ, নিৰ্মাণ কৰিলে ভিডিঅ’
প্ৰতীকী ছবি

যুৱতীৰ ককায়েকে উলংগ কৰি কৰিলে প্ৰহাৰ, নিৰ্মাণ কৰিলে ভিডিঅ’

  • Share this:
ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। এজন যুৱকে এগৰাকী যুৱতীৰ সৈতে টিকটক ভিডিঅ’ নিৰ্মাণ কৰিছিল। পিছত ভিডিঅ’টো ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। তেতিয়াই খং উঠে যুৱতীগৰাকীৰ ককায়েকৰ। বন্ধুৰ সৈতে লগ লাগি যুৱতীৰ ককায়েকে টিকটক ভিডিঅ’ নিৰ্মাণ কৰা যুৱকজনক উলংগ কৰি ৰাস্তাৰ মাজেৰে খোজকঢ়াই। আনকি যুৱকজনে উলংগ হৈ খোজকঢ়াৰ ভিডিঅ’ও প্ৰস্তুত কৰি ছচিয়েল মিডিয়াত আপলোড কৰে। যুৱকজনক বেল্টেৰে প্ৰহাৰো কৰে ককায়েকে।

পিছত ঘটনা আৰক্ষী থানাৰ মজিয়া পাইগৈ। যুৱকজনে যুৱতীগৰাকীৰ ককায়েক আৰু ককায়েকৰ বন্ধুৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।  ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি