ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ খবৰ! ৰাজস্থান ৰয়েলছে গুৱাহাটীত স্থাপন কৰিলে ক্ৰিকেট একাডেমী

News18 Assam | News18-Assam
Updated:February 16, 2021, 6:43 PM IST
ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ খবৰ! ৰাজস্থান ৰয়েলছে গুৱাহাটীত স্থাপন কৰিলে ক্ৰিকেট একাডেমী
একাডেমীখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে দলটোৰ বিষয়া ৰঞ্জিত বৰঠাকুৰে।

একাডেমীখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে দলটোৰ বিষয়া ৰঞ্জিত বৰঠাকুৰে।

  • Share this:
ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে আশাৰ খবৰ। অসমৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগে প্ৰতিনিধিত্ব কৰা ৰাজস্থান ৰয়েলছে গুৱাহাটীত বৰ্ষাপাৰাত স্থাপন কৰিলে এখন নতুন ক্ৰিকেট একাডেমী।

অসম ক্ৰিকেটৰ সহযোগত  "ষ্টেট ক্ৰিকেট একাডেমী অসম" নামৰ ৰাজস্থান ৰয়েলছৰ একাডেমীখন মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় বর্ষাপাৰাত। একাডেমীখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে দলটোৰ বিষয়া ৰঞ্জিত বৰঠাকুৰে।



উল্লেখযোগ্য যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দল ৰাজস্থান ৰয়েলছ দলে গুৱাহাটীক কৰিছে দলটোৰ দ্বিতীয়খন স্থানীয় ভ্যেনু। বিগত ছিজনত দ্বিতীয় ঘৰুৱা গ্ৰাউণ্ড হিচাপে গুৱাহাটীত আই পি এলৰ তিনিখন খেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ'ল কোভিড ১৯ৰ সংক্ৰমণৰ বাবে।
Published by: Himangshu Bhuyan
First published: February 16, 2021, 6:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি