মুখ্যপৃষ্ঠা »খবৰ »দেশ »দেশ কঁপাই যোৱা উদয়পুৰৰ কানহাইয়া লাল হত্যাকাণ্ডৰ মুখ্য সাক্ষী ৰাজকুমাৰ শৰ্মা গুৰুতৰভাৱে অসুস্থ; সকলো প্ৰকাৰৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী গেহলটৰ

দেশ কঁপাই যোৱা উদয়পুৰৰ কানহাইয়া লাল হত্যাকাণ্ডৰ মুখ্য সাক্ষী ৰাজকুমাৰ শৰ্মা গুৰুতৰভাৱে অসুস্থ; সকলো প্ৰকাৰৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী গেহলটৰ

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজকুমাৰ শৰ্মাৰ সঠিক চিকিৎসা কৰাবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। লগতে, প্ৰয়োজন হ'লে ৰাজকুমাৰ শৰ্মাক আন ঠাইলৈ স্থানান্তৰকৰণৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজকুমাৰ শৰ্মাৰ সঠিক চিকিৎসা কৰাবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। লগতে, প্ৰয়োজন হ'লে ৰাজকুমাৰ শৰ্মাক আন ঠাইলৈ স্থানান্তৰকৰণৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজকুমাৰ শৰ্মাৰ সঠিক চিকিৎসা কৰাবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। লগতে, প্ৰয়োজন হ'লে ৰাজকুমাৰ শৰ্মাক আন ঠাইলৈ স্থানান্তৰকৰণৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

  • Share this:
সমগ্ৰ দেশ কঁপাই যোৱা ৰাজস্থানৰ কানহাইয়া লাল হত্যাকাণ্ডৰ মুখ্য সাক্ষী ৰাজকুমাৰ শৰ্মা হঠাতে অসুস্থ হৈ পৰে। জানিব পৰা মতে ৰাজকুমাৰ শৰ্মাৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হোৱাত স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছতেই উদয়পুৰৰ এমবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই খবৰ পোৱাৰ মাত্ৰকেই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে লোকজনক সঠিক চিকিৎসা কৰাবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। লগতে, জয়পুৰৰ জ্যেষ্ঠ চিকিৎসকৰ এটা দল ততাতৈয়াকৈ উদয়পুৰলৈ প্ৰেৰণ কৰা হয়। ৰাজকুমাৰ শৰ্মাক এমবি চিকিৎসালয়ৰ নিউৰো ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। মস্তিষ্কৰ ৰক্তক্ষৰণৰ বাবে তেওঁৰ অৱস্থা অতি গুৰুত্বৰ বুলি কোৱা হৈছে। এনে পৰিস্থিতিত জয়পুৰৰ দুজন জ্যেষ্ঠ চিকিৎসকৰ এটা দলক গ্ৰীণ কৰিডৰ সৃষ্টি কৰি লগে লগে উদয়পুৰ তৎক্ষণাৎ উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হয়। সন্ধিয়ালৈকে জয়পুৰৰ জ্যেষ্ঠ চিকিৎসকৰ এটা দল উদয়পুৰত উপস্থিত হ'ব।

ইয়াৰ পূৰ্বে, উদয়পুৰৰ আৰএনটি চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ লাখন পোছৱাল আৰু তেওঁৰ দলে ৰাজকুমাৰ শৰ্মাক সঠিক চিকিৎসা প্ৰদান কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে। মুখ্যমন্ত্ৰী অশোক গেহলটে জিলা উপায়ুক্তৰ সৈতে বাৰ্তালাপ কৰি সকলো সম্ভৱ সহায়ৰ বাবে নিৰ্দেশ দিছে, লগতে প্ৰয়োজন হ'লে ৰাজকুমাৰ শৰ্মাক আন ঠাইলৈ স্থানান্তৰকৰণৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

ৰাজকুমাৰ শৰ্মাৰ অসুস্থতাৰ বিষয়ে বুজ ল’বলৈ উদয়পুৰত উপস্থিত হোৱা ৰাজহ মন্ত্ৰী তথা জিলা ভাৰপ্ৰাপ্ত মন্ত্ৰী ৰামলাল জাটেও লগে লগে এম বি চিকিৎসালয়ত উপস্থিত হয় আৰু ৰাজকুমাৰৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে। তেওঁ চিকিৎসকসকলৰ পৰা ৰাজকুমাৰৰ স্বাস্থ্যৰ বিষয়েও খবৰ লয়।

উল্লেখ্য যে, বিগত ২৮ জুনত ৰাজস্থানৰ উদয়পুৰ জিলাৰ ধন মাণ্ডি আৰক্ষী থানা অঞ্চলৰ ভূত মহল ষ্ট্ৰীটত সংঘটিত কানহাইয়ালালৰ নৃশংস হত্যাকাণ্ডৰ গোচৰৰ মুখ্য সাক্ষী আছিল ৰাজকুমাৰ শৰ্মা। ৰাজকুমাৰৰ সন্মুখতেই অপৰাধীসকলে কানহাইয়ালালক হত্যা কৰিছিল। এই গোটেই ঘটনাটোৰ পিছত ৰাজকুমাৰ শৰ্মাও বহুত ভয় খাইছিল। কেৱল এয়াই নহয়, বিগত ৩ মাহ ধৰি নিৰন্তৰ মানসিক সমস্যাত ভুগি থকা ৰাজকুমাৰ শৰ্মাই আন ঠাইত কাম কৰাত সমস্যাৰো সন্মুখীন হৈছিল। নিৰন্তৰ মানসিক সমস্যাৰ পিছতহে ৰাজকুমাৰ শৰ্মা সম্ভৱতঃ মস্তিষ্কৰ ৰক্তক্ষৰণত আক্ৰান্ত হৈছিল বুলি ধাৰণা কৰা হৈছে।

শেহতীয়া বাতৰি