বিবাহৰ সময়ত জীৱন-মৰণলৈ একেলগে থকাৰ শপত লোৱা আৰু সঁচাকৈয়ে সেই প্ৰতিশ্ৰুতিৰ ৰক্ষা কৰি এটা বৃদ্ধ দম্পতীয়ে এই পৃথিৱীৰ পৰা বিদায় লোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। এই ঘটনা ৰাজস্থানৰ (Rajasthan) আজমেৰৰ।
বিবাহৰ পৰা একেলগে বাস কৰা এটি দম্পতীৰ ১০৫ বছৰীয়া ভৈৰু সিং ৰাৱটৰ আবেলি ৪ বজাত মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পিছত ১০১ বছৰীয়া পত্নী হিৰী দেৱীয়েও আঘাত সহ্য কৰিব নোৱাৰিলে। স্বামীৰ মৃত্যুৰ পাঁচ ঘণ্টা পিছত নিশা ৯ বজাত তেৱোঁ নিজৰ জীৱন ত্যাগ কৰিছিল। শতবৰ্ষ স্পৰ্শ কৰা দম্পতীটোৰ এই মৃত্যুক লৈ স্থানীয় ৰাইজে অটুত প্ৰেমৰ উদাহৰণ ৰূপে গণ্য কৰে আৰু একেদিনাই স্বামী-পত্নীৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত সীমনা পাৰ কৰি চৰ্চাৰ বিষয় হৈ পৰে।
পিছত একেখন চিতাতে তেওঁলোক দুয়োৰে মুখাগ্নি কৰে। স্বামী-পত্নীক চিতাত তুলি অন্ত্যেষ্টক্ৰিয়া সম্পন্ন কৰাৰ পিছত গাঁওবাসীৰ মত আছিল যে এই ঘটনা সাধাৰণ যদিও তেওঁলোকৰ মাজত ই অসাধাৰণ প্ৰভাৱ পেলাইছিল।