• Home
  • »
  • News
  • »
  • nation
  • »
  • Rajasthan Congress Crisis: ৰাজস্থানত পুনৰ ৰাজনৈতিক সংকট, ৯২গৰাকী কংগ্ৰেছ বিধায়কৰ পদত্যাগ

Rajasthan Congress Crisis: ৰাজস্থানত পুনৰ ৰাজনৈতিক সংকট, ৯২গৰাকী কংগ্ৰেছ বিধায়কৰ পদত্যাগ

Rajasthan Congress Crisis: ৯২জন বিধায়কে চি পি যোশীক ৰাজ্যখনৰ শাসনভাৰ চম্ভালি ল'বলৈও অনুৰোধ জনায়। 

Rajasthan Congress Crisis: ৯২জন বিধায়কে চি পি যোশীক ৰাজ্যখনৰ শাসনভাৰ চম্ভালি ল'বলৈও অনুৰোধ জনায়। 

Rajasthan Congress Crisis: ৯২জন বিধায়কে চি পি যোশীক ৰাজ্যখনৰ শাসনভাৰ চম্ভালি ল'বলৈও অনুৰোধ জনায়। 

  • Share this:
ৰাজস্থান (Rajasthan)ত ৰাজনৈতিক সংকটে লৈছে নতুন মোৰ। মুখ্যমন্ত্ৰী অশোক গেহলোট (CM Ashok Gehlot)ৰ সমৰ্থনত থকা ৯২ জন বিধায়কে আজি কৰিলে পদত্যাগ। সন্ধিয়াৰ ভাগত এই ৯২ বিধায়কে সদলবলে গৈ বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ ওচৰলৈ যায় পদত্যাগ পত্ৰ দাখিল কৰিবলৈ। ইমানেই নহয় তেওঁলোকে যোশীক ৰাজ্যখনৰ শাসনভাৰ চম্ভালি ল'বলৈও অনুৰোধ জনায়।

উল্লেখ্য যে কংগ্ৰেছৰ সভাপতিৰ বাবে মুখ্যমন্ত্ৰী অশোক গেহলোটে সন্মতি দিয়াৰ পিছতে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ ৰাজ্যখনৰ কংগ্ৰেছ দলৰ মাজত ব্যাপক জল্পনা-কল্পনা চলি আছে। যুব নেতা শচীন পাইলটৰ নাম এই ক্ষেত্ৰত শীৰ্ষত আছে। সকলোৰে ধাৰণা শচিন পাইলটেই ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হ'ব। ইয়াৰ মাজতে দেওবাৰে ৯২ বিধায়কৰ এই বিদ্ৰোহে কংগ্ৰেছ দলক নতুন বিপদৰ মাজলৈ ঠেলি দিছে।

এই সংকট নিৰসণৰ বাবে ছোনিয়া গান্ধীয়ে অজয় মাকেন, মল্লিকাৰ্জূন খাৰ্গেৰ দৰে জ্যেষ্ঠ নেতাক বিধায়কসকলৰ সৈতে আলোচনা কৰাৰ বাবে ৰাজস্থানলৈ প্ৰেৰণ কৰিছে।খাৰ্গে আৰু মাকেনে প্ৰতিজন বিধায়কৰ সৈতে এজন এজনকৈ কথা পাতিব। খাৰ্গে আৰু মাকেনৰ লগতে মুখ্যমন্ত্ৰী গেহলোটৰ ঘৰত আছে শচীন পাইলটো।

সমগ্ৰ বিষয়টোক লৈ অতি সোনকালে কংগ্ৰেছ দলৰ বিধায়কসকলৰ বৈছক হ'ব।

উল্লেখ্য যে ২০০জনীয়া ৰাজস্থান বিধানসভাত কংগ্ৰেছ আৰু মিত্ৰদলৰ আছে ১০৮ বিধায়ক। আনহাতে বিৰোধী বিজেপিৰ আছে ৭১ জন বিধায়ক।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি