Nand Kumar Baghel Arrest: নন্দ কুমাৰ বাঘেলৰ বিৰুদ্ধে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধৰ্মীয় সম্প্ৰীতি বিঘ্নিত কৰাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছে।
Nand Kumar Baghel Arrest: নন্দ কুমাৰ বাঘেলৰ বিৰুদ্ধে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধৰ্মীয় সম্প্ৰীতি বিঘ্নিত কৰাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছে।
এটা বিশেষ সম্পৰদায়ৰ প্ৰতি আপত্তিজনক মন্তব্য কৰি জে'ললৈ যাব লগা হৈছে ছত্তীশগড় (Chhattisgarh)ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল (CM Bhupesh Baghel)ৰ পিতৃ নন্দ কুমাৰ বাঘেল। মঙলবাৰে ৰায়পুৰ আৰক্ষীয়ে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে নন্দ কুমাৰ বাঘেল (Nand Kumar Baghel Arrest)ক গ্ৰেপ্তাৰ কৰে। তেওঁক ৰায়পুৰৰ ন্যায়িক দণ্ডাধীশৰ প্ৰথম শ্ৰেণীৰ জনক কুমাৰ হিডকোৰ আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে তেওঁক ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ২১ ছেপ্টেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব। নন্দ কুমাৰ বাঘেলৰ জামিনৰ কাগজ মঙলবাৰে দাখিল কৰা হোৱা নাছিল। নন্দ কুমাৰ বাঘেলে NEWS18ক কয় যে এইয়া মোৰ নিৰ্ণায়ক যুঁজ, মই ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাম।
উল্লেখ্য যে নন্দ কুমাৰ বাঘেলৰ বিৰুদ্ধে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধৰ্মীয় সম্প্ৰীতি বিঘ্নিত কৰাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছে। বাঘেলৰ বিৰুদ্ধে ৰাজধানী ৰায়পুৰৰ ডিডি নগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি, ১৮৬০ৰ ১৫৩-এ আৰু ৫০৫-এ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে তেওঁক মঙলবাৰে ৰায়পুৰলৈ লৈ আহিছিল।
আনহাতে পিতৃৰ বিৰুদ্ধে অভিযোগ আৰু গ্ৰেপ্তাৰৰ পিছত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয়, "আমাৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু বিশ্বাসো সম্পূৰ্ণ পৃথক। মই তেওঁক পুত্ৰ হিচাপে সন্মান কৰোঁ, কিন্তু এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কোনো ভুল, যি ৰাজহুৱা শৃংখলা সামাজিক সম্পীতি বিনষ্ট কৰে তাক ক্ষমা কৰিব নোৱাৰি। মোৰ চৰকাৰত কোনো আইনৰ উৰ্ধত নহয়, লাগিলে তেওঁ মুখ্যমন্ত্ৰীৰ ৮৬ বছৰীয়া পিতৃয়েই হওক।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|