তাই নাজানে একো, বুজি নাপায় কোনো কথা৷ তথাপিও তায়ো আজি শোকস্তব্ধ৷ আততায়ীয়ে কাঢ়ি নিয়া, দেশৰ বাবে শ্বহীদ হোৱা পিতৃ আছে নে নাই তাই বুজি পোৱা নাই, তৎসত্ত্বেও আজি সেমেকা তাইৰ অন্তৰখন৷ যাৰ বাবে একেথিৰে তাই চাই ৰৈছে কফিনৰ কাষতে আঁৰি থোৱা শ্বহীদ পিতৃ ৰমেশ কুমাৰ জুৰিৰ ছবিখন৷ তাইৰ চকুত চকুপানী নাছিল, যেন আছে এক দীঘলীয়া প্ৰশ্নৰ তালিকা - ৩ দিন আগলৈকে তাইৰ সৈতে থকা দেউতাকক কিয় এতিয়া ছবিতহে দেখিবলৈ পোৱা গৈছে? মানুহে তিনি ৰঙৰ কাপোৰখনৰ ওপৰত কিয় ফুল আগবঢ়াইছে? মা, আইতা, খুৰা আৰু আনসকলে কিয় কান্দি আছে?
ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগত অৱস্থিত কাংকেৰ জিলাৰ পাণ্ডাৰিপানী গাঁৱৰ বিদ্যালয় পথাৰৰ দৃশ্য এয়া।
৩ এপ্ৰিলত বস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ তাৰেম আৰক্ষী থানা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত শ্বহীদ হোৱা ২২জন জোৱানৰ ভিতৰত আছিল পাণ্ডাৰিপানী গাঁৱৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ মুখ্য ৰক্ষক ৩৫ বছৰীয়া ৰমেশ কুমাৰ জুৰিও৷ এই ঘটনাৰ পিছতে দেশৰ আন প্ৰান্তৰ শ্বহীদসকলৰ গাঁওসমূহৰ দৰেই পাণ্ডাৰিপানী গাঁৱতো বিৰাজ কৰিছিল নীৰৱতাই৷ গাঁওখনৰ বাসিন্দা জুৰিৰ মৃত্যুত শোকাস্তব্ধ হৈ পৰিছিল৷
দেউতাকৰ সমাধিৰ কাষতে সম্পন্ন অন্ত্যেষ্টিক্ৰিয়া -গাঁওখনৰ লোকসকলৰ জুৰিৰ ঘৰৰ কাষৰ পথাৰতে এটা মূৰ্তিৰ কাষত গাঁত খনন কৰা দেখা গৈছিল। তাত থিয় হৈ থকা জলম সিং উচেন্দীয়ে কৈছিল যে ৰমেশৰ অন্ত্যেষ্টিক্ৰিয়া ইয়াত সম্পন্ন কৰা হ’ব। নিজকে ৰমেশৰ আত্মীয় বুলি বৰ্ণনা কৰা জালামে কৈছিল মূৰ্তিটো ৰমেশৰ দেউতাক মেঘনাথ জুৰিৰ৷ যাৰ মৃত্যুৰ পিছত ইয়াত অন্তিম সংস্কাৰ সম্পন্ন কৰা হৈছিল।
আবেদনৰ ওপৰত কোনো শুনানি হোৱা নাই -
ছোফাত অচেতন হৈ পৰি ৰৈছে ৰমেশৰ মাক সত্যৱতী। কিবা ক'বলৈ চেষ্টা কৰে যদিও মুখৰ পৰা শব্দ নোলায়, ওলাইছে কেৱল চকুপানীহে। একাংশ মহিলা আৰু যুৱতীয়ে তেওঁৰ চাৰিওফালে বহি মনে মনে এগৰাকীয়ে আনগৰাকীৰ ফালে চাই ৰৈছে মাথোঁ। কি বুলি সান্তনা দিব? ৰমেশৰ খুড়ীয়েক বিদ্যাই কৈছিল, “ শনিবাৰে সন্ধিয়া ৰমেশৰ পত্নী সুনীতাই ফোন কৰি কৈছিল যে ৰমেশৰ ফোন লগা নাই, কোনো খবৰো লাভ কৰা নাই৷ টিভিত বাতৰি চলি আছিল যে সেই ঠাইৰ পৰিস্থিতি বেয়া হৈ পৰিছে আৰু বহুলোক নিহত হৈছে। তেতিয়াহে আমি গম পাইছিলো আমাৰ ল’ৰা আৰু নাই।”
বিদ্যাই কান্দি কান্দিয়েই লগতে কৈছিল - ৰমেশৰ মাকে কিছুদিন পূৰ্বে ৰমেশক ঘৰৰ ওচৰত স্থানান্তৰ কৰিবলৈ জগদলপুৰৰ আৰক্ষী বিষয়াসকলক আবেদন কৰিছিল। পূৰ্বেও এখন আবেদন দাখিল কৰা হৈছিল, কিন্তু কোনো শুনানি হোৱা নাছিল। এনইদৰে কৈ কৈ জোৰেৰে কান্দিবলৈ আৰম্ভ কৰিছিল তেওঁ।
এতিয়া খেতিয়েই তেওঁলোকৰ একমাত্ৰ আশ্ৰয় -
শ্বহীদ ৰমেশৰ একমাত্ৰ ভাতৃ সঞ্জয়ে কয় যে, ৰমেশে তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছৰে পৰা ঘৰটোৰ দায়িত্ব গ্ৰহণ কৰিছিল। ঘটনাটোৰ দুদিন আগতে ৰমেশৰ সৈতে তেওঁৰ ফোনত বাৰ্তালাপ কৰিছিল আৰু দুদিন পিছত টিভিত বাতৰি চাই ককায়েক শ্বহীদ হোৱা বুলি খবৰ পাইছিল তেওঁলোকে। সঞ্জয়ে কয়, ২০১৫ চনত ৰমেশে বিবাহ পাশত আৱদ্ধ হৈছিল।
ইয়াৰ পূৰ্বেও গাঁওখনৰ পৰা শ্বহীদ হৈছিল এগৰাকী -
ৰমেশক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গাঁওখনৰ প্ৰায় শতাধিক লোক উপস্থিত হৈছিল। সেই সময়তে একাংশ লোকে আলোচনা কৰিছিল যে এই গাঁওখনত পূৰ্বেও এগৰাকী শ্বহীদ হৈছিল। দৰাচলতে ২০০৭ চনৰ ৯ জুলাইত চুকমা জিলাৰ মাৰিগুড়াত নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা ২৩ গৰাকী শ্বহীদৰ ভিতৰত আছিল গাঁওখনৰ তামেশ্বৰ সিনহা নামৰ এগৰাকী আৰক্ষী বাহিনীৰ সহকাৰী উপ–পৰিদৰ্শক৷
“বাবু সে মিলবা দো”, পত্নীৰ ক্ৰন্দন-শ্বহীদ ৰমেশৰ নশ্বৰদেহ স্বগৃহত আহি উপস্থিত হোৱাৰ পিছতে সকলোৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ শ শ লোকৰ ভিৰৰ মাজতে সেই সময়ত এটা ধীৰ কণ্ঠই সকলোৰে চকু সেমেকাই তুলিছিল৷ ৰমেশৰ পত্নী সুনীতাই কান্দোন ভৰা মাতেৰে সকলোকে উচুপিবলৈ বাধ্য কৰাইছিল৷ কোনেও তেওঁক বুজাই ৰখাব পৰা নাছিল। কৈ আছিল, “মোৰ বাবু ক’লৈ গুছি গ’ল, মোৰ বাবুক লগ কৰাই দিয়ক৷ ”
ইপিনে কেতিয়াবা আইতাক আৰু কেতিয়াবা আত্মীয়সকলে কোলা সলনি কৰি লৈ থকা কণমানি চেজলে থৰলাগি চাই আছিল ত্ৰিৰংগাৰে মেৰিয়াই থোৱা কফিনটোৰ ফটোখনলৈ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 06, 2021, 15:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|