কণমানিটিক নতুন জীৱন দিয়া ৰে'ল কৰ্মচাৰীজনৰ নাম হ'ল ময়ূৰ ছালকে। ভিডিঅটো টুইটাৰত ছেয়াৰ কৰিছে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ূয গোৱেলে। ময়ূৰ ছালকেক কৰা হ'ব পুৰস্কৃত। কণমানিটিক নতুন জীৱন দিয়া ৰে'ল কৰ্মচাৰীজনৰ নাম হ'ল ময়ূৰ ছালকে। ভিডিঅটো টুইটাৰত ছেয়াৰ কৰিছে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ূয গোৱেলে। ময়ূৰ ছালকেক কৰা হ'ব পুৰস্কৃত। মুম্বাইৰ ভাংগানী ষ্টেচনৰ প্লেটফৰ্মত খোজকাঢ়ি গৈ থাকোতেই মাতৃৰ হাতৰ পৰা এৰা খাই ৰে'ল লাইনত পৰি যায় কণমানি শিশু এটি। সন্মুখৰ পৰা আহি আছিল তীব্ৰ বেগী এখন ৰে'ল। কণমানিটিয়ে উঠিবলৈ বাৰ বাৰ চেষ্টা কৰিছিল আৰু ভয়ত বিতত হৈ চিঞৰ-বাখৰ কৰাৰ বাদে কি কৰিব একো উৱাদিহ পোৱা নাছিল মাকজনীয়ে।
জীৱন-মৃত্যুৰ এই যুঁজখন আছিল মাত্ৰ কেই মূহূৰ্তমানৰ। ঘটনাৰ কেইছেকেণ্ডমানৰ ভিতৰতে এজন ৰে'ল কৰ্মচাৰীয়ে নিজৰ জীৱনক বিপদাপন্ন কৰি ত্বৰিৎ গতিৰে দৌৰি গৈ শেষ মূহূৰ্তত উদ্ধাৰ কৰে কণমানিটোক।
এই দৃশ্য সচাকৈ আছিল শিহৰণকাৰী। কণমানিটিক নতুন জীৱন দিয়া ৰে'ল কৰ্মচাৰীজনৰ নাম হ'ল ময়ূৰ ছালকে।
ময়ূৰ ছালকেৰ এই সাহসিক কৰ্ম আৰু চুড়ান্ত কৰ্তব্যনিষ্ঠাৰ ভিডিঅটো টুইটাৰত ছেয়াৰ কৰিছে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ূয গোৱেলে। নিজৰ টুইটত গোৱেলে কৈছে, "এই দুঃসাহসিক কৰ্মৰ পুৰস্কাৰ ধনেৰে আদায় দিব নোৱাৰি, তথাপি নিজৰ দায়িত্বৰ প্ৰতি দেখুওৱা নিষ্ঠাৰ বাবে আৰু মানৱ সমাজক অনুপ্ৰাণিত কৰিবলৈ ময়ূৰ ছালকেক পুৰষ্কৃত কৰা হ'ব।"
Published by: Manjumoni Borah
First published: April 19, 2021, 19:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|