ৰে’লৱেৰ কেইটামান নিয়মৰ কথা হয়টো আপুনি নাজানে। সেই নিয়মসমূহৰ ভিতৰৰে এটা নিয়মৰ বিষয়ে জনাবলৈ ওলাইছো যাতে আপুনি জৰিমনাৰ দৰে বোজা বহন কৰাৰ প্ৰয়োজন নাই। যদি আপুনি কেইমিনিট মান বচাবলৈ ফুটব্ৰীজ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ যাবলৈ ৰে’ললাইন পাৰ কৰাৰ চেষ্টা চলায় তেন্তে আপোনাৰ সমস্যা বঢ়াৰ সম্ভাৱনা। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰাণ যোৱাৰো সম্ভাৱনা থাকে। ইয়াৰোপৰি আপুনি সুকলমে ৰে’ললাইন অতিক্ৰম কৰিলেও জে’ল যোৱাৰ সম্ভাৱনা থাকে।
অভিযান আৰম্ভ
ৰে’ল দুৰ্ঘটনা ৰোধিবলৈ ধাৰাবাহিকভাৱে চেষ্টা অব্যাহত। সমগ্ৰ দেশত বৃহৎ সংখ্যক ফুটব্ৰীজ আৰু ৰোড আণ্ডাৰ ব্ৰীজ প্ৰস্তুত কৰা হৈছে যাতে কোনোৱেও ৰে’ললাইন অতিক্ৰম নকৰে। ইফালে দেশজুৰি ৰে’ললাইন অতিক্ৰম কৰা লোকসকলক ধৰাৰ আৰম্ভ কৰিছে অভিযান।
ৰে’ললাইন অতিক্ৰম কৰাটো বেআইনী
ৰে’ললাইন অতিক্ৰম কৰাটো আইনীভাৱেও এটা ডাঙৰ অপৰাধ। ৰে’লৱে নিয়মানুসৰি ধাৰা ১৪৭ ধাৰাৰ আধাৰত ৰে’ললাইন অতিক্ৰম কৰাৰ অপৰাধত যিকোনো ব্যক্তিক আইনীভাৱে আটক কৰিব পৰা যায়। যদি কোনো লোক হাতে–লোটে ধৰা পৰে সেইজন লোকৰ ৬ মাহলৈ শাস্তি ঘোষণা হোৱাৰ সম্ভাৱনা যথেষ্ট। আনহাতে, ১০০০ টকাৰ জৰিমনাও বিহিব লাগিব।
উল্লেখযোগে যে, সমগ্ৰ দেশত ৰে’ললাইন অতিক্ৰম কৰোতে সংঘটিত হোৱা দুৰ্ঘটনাত নিহতৰ সংখ্যাই অধিক। এই উদ্দেশ্যৰে ৰে’লৱেৰ তৰফৰ পৰা দেশজুৰি আৰম্ভ কৰা হৈছে জনজাগৰণ অভিযান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|