বিনামূলীয়াকৈ খাদ্য লাভৰ অংক, ৭০ বছৰীয়া বৃদ্ধই খাদ্যত মিলালে জেঠী!

ভাৰতীয় ৰেল বিভাগে যোগান ধৰা খাদ্যত জেঠী মিহলি কৰিলে লোকজনে।

News18-Assam
Updated:July 25, 2019, 9:20 AM IST
বিনামূলীয়াকৈ খাদ্য লাভৰ অংক, ৭০ বছৰীয়া বৃদ্ধই খাদ্যত মিলালে জেঠী!
ভাৰতীয় ৰেল বিভাগে যোগান ধৰা খাদ্যত জেঠী মিহলি কৰিলে লোকজনে।
News18-Assam
Updated: July 25, 2019, 9:20 AM IST
এগৰাকী বয়োজ্যেষ্ঠ লোকৰ সংকীৰ্ণ মনোবৃত্তি প্ৰকাশ পাইছে তেঁও কৰা শেহতীয়া কৰ্ম–কাণ্ডত। ভাৰতীয় ৰেল বিভাগে যোগান ধৰা খাদ্য বিনামূলীয়াকৈ লাভ কৰাৰ উদ্দেশ্যে খাদ্যত জেঠী মিহলী কৰিলে এগৰাকী ৭০ বছৰীয়া বৃ্দ্ধই। এনেধৰণৰ কাণ্ড কৰি ধৰা পৰা বয়োজ্যেষ্ঠ লোকজনৰ নাম সুৰেন্দ্ৰ পল বুলি জানিব পৰা গৈছে।

গোণ্টকাল ষ্টেচনত লোকজনে ক্ৰয় কৰা বিৰিয়ানীত জেঠী পোৱা বুলি অভিযোগ কৰে। পিছত পৰীক্ষাৰ অন্তত লোকজনে যে বিনামূলীয়াকৈ খাদ্যখিনি লাভ কৰিবলৈ সেই কাম কৰে সেই কথা প্ৰমাণ হয় বুলি জানিবলৈ দিয়ে বসন্ত কুমাৰ নামৰ ভাৰতীয় ৰেলৱে’ ৰ এগৰাকী বিষয়াই। এনেধৰণৰ একেই নিকৃষ্ট কাণ্ড লোকজনে জৱলপুৰ ষ্টেচনতো কৰিছিল বুলি উল্লেখ কৰে বিষয়াজনে।



 
আৰু চাওক পৰৱৰ্তী বাতৰি