নৱবৰ্ষৰ প্ৰথম দিনাই আপোনালৈ কেন্দ্ৰৰ ‘উপহাৰ’, ইমান টকালৈ বাঢ়িল ৰে’লৰ যাত্ৰীভাড়া

News18 Assam | News18-Assam
Updated:January 1, 2020, 12:48 PM IST
নৱবৰ্ষৰ প্ৰথম দিনাই আপোনালৈ কেন্দ্ৰৰ ‘উপহাৰ’, ইমান টকালৈ বাঢ়িল ৰে’লৰ যাত্ৰীভাড়া
আজিৰে পৰা বাঢ়িল প্ৰতি কিলোমিটাৰত ১ পইচাৰ পৰা ৪ পইচা পৰ্য্যন্ত যাত্ৰীভাড়া। 

আজিৰে পৰা বাঢ়িল প্ৰতি কিলোমিটাৰত ১ পইচাৰ পৰা ৪ পইচা পৰ্য্যন্ত যাত্ৰীভাড়া। 

  • Share this:
নতুন বছৰটোৰ পুৱাই দেশবাসীৰ কাৰণে এয়া ভাল নলগা খবৰ। বাঢ়িল যাত্ৰাবাহী ৰে’লৰ ভাড়া। ৰে’লৱেই এক জাননীৰ জৰিয়তে ৰে’ল ভাড়া বৃদ্ধিৰ কথা প্ৰকাশ কৰে।

নতুন নিৰিখ অনুসৰি, এই বৃদ্ধি প্ৰতি কিলোমিটাৰত ১ পইচাৰ পৰা ৪ পইচা পৰ্য্যন্ত হৈছে।

সাধাৰণ নন-এ চি শ্ৰেণীবোৰৰ বৃদ্ধি প্ৰতি কিলোমিটাৰত ১ পইচাকৈ, মেইল/এক্সপ্ৰেছ নন-এ চি শ্ৰেণীবোৰত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ আৰু এ চি শ্ৰেণীবোৰত প্ৰতি কিলোমিটাৰত ৪ পইচাকৈ বৃদ্ধি কৰা হৈছে।

এই বৰ্ধিত ভাড়াই দূৰণীবটীয়া যাত্ৰীসকলক অধিক প্ৰভাৱিত কৰিব। ৰাজধানী, শতাব্দী, দুৰন্ত, বন্দে ভাৰত, তেজচ, হাম ছফৰ, গতিমান আৰু গৰীৱ ৰথৰ টিকটত বেছি প্ৰভাৱ পৰা দেখা যাব।

ছাব-আৰবান আৰু ছিজন টিকটত ভাড়া বৃদ্ধি কৰা হোৱা নাই।

ইয়াৰ পূৰ্বে ২০১৪-২০১৫ চনত ৰে’লভাড়া বঢ়োৱা হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি