• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰে'ল ষ্টেচনত কৰ্মচাৰীয়ে খোৱাপানীৰ টেংকীত সংলগ্ন কৰিলে টয়লেটৰ পাইপ, তাৰ পিছত হ’ল এই পৰিস্থিতি

ৰে'ল ষ্টেচনত কৰ্মচাৰীয়ে খোৱাপানীৰ টেংকীত সংলগ্ন কৰিলে টয়লেটৰ পাইপ, তাৰ পিছত হ’ল এই পৰিস্থিতি

বিগত ১ মাৰ্চত কোটা শাখাৰ গাৰোথ ৰে'ল ষ্টেচনত এই ঘটনাটো  সংঘটিত হোৱা বুলি উল্লেখ কৰে জ্যেষ্ঠ শাখা বাণিজ্যিক ব্যৱস্থাপক অজয় কুমাৰ পালে।

  • Share this:
মধ্য প্ৰদেশৰ কোটা শাখাৰ গাৰোথ ৰে'ল ষ্টেচনত সংঘটিত হৈছে এই আজৱ ঘটনা। য'ত ষ্টেচনটোৰ এগৰাকী চাফাই কৰ্মীয়ে খোৱা পানী থকা টেংকীত সংলগ্ন কৰি দিয়ে টয়লেটৰ পাইপ। এই ঘটনা পোহৰলৈ অহাৰ মাত্ৰতে ষ্টেচনটোত উপস্থিত হোৱা সকলোৰে স্বাস্থ্যৰ দিশটোলৈ লক্ষ্য ৰাখি নিলম্বন কৰা হয় ষ্টেচনটোৰ দায়িত্বত থকা ষ্টেচন মাষ্টাৰগৰাকীক।

বিগত ১ মাৰ্চত কোটা শাখাৰ গাৰোথ ৰে'ল ষ্টেচনত এই ঘটনাটো  সংঘটিত হোৱা বুলি উল্লেখ কৰে জ্যেষ্ঠ শাখা বাণিজ্যিক ব্যৱস্থাপক অজয় কুমাৰ পালে।

"এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ এগৰাকী চাফাই কৰ্মীয়ে খোৱা পানীৰ টেংকীৰ সৈতে এডাল শৌচাগাৰৰ পাইপ সংলগ্ন কৰিছিল। চাফাই কৰ্মীগৰাকীৰ এই ভুলৰ পিছতে তৎক্ষণাত টেংকীটো পৰিষ্কাৰ কৰা হৈছিল আৰু টেংকীটোৰ পানী খোৱাৰ উপযোগী হ'বনে নাই সেয়াও পৰীক্ষা কৰা হৈছিল। এই ঘটনাৰ পিছতে ষ্টেচনটোৰ দায়িত্বত থকা ষ্টেচনমাষ্টাৰ চৌথমল মীনাক নিলম্বনৰ অধীনত ৰখা লগতে চাফাই কৰ্মীগৰাকীকো কৰ্তব্যৰ পৰা বাহিৰ কৰি দিয়া হৈছে" – এইদৰে ক’লে ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া পালে।

মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত কোৰোণা ভাইৰাছৰ বৰ্ধিত ঘটনাৰ লগতে কোভিড-১৯ৰ নতুন প্ৰকাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে পোহৰলৈ আহিছে সকলোকে আচৰিত কৰি তুলিব পৰা এই খবৰটো। যাত্ৰী সুবিধাৰ বিষয়টো নিৰীক্ষণ কৰিবলৈ ৰে'ল বিভাগে কৰা কোটা মণ্ডল ভ্ৰমণৰ মাজতে পোহৰলৈ আহে ঘটনাটো।
Published by:Sanjay Kumar Das
First published: